সমগ্র দেশত জনজাতীয় গৌৰব দিৱস পালন

Pc- The Financial Express

সমগ্র দেশত জনজাতীয় গৌৰব দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্র দেশে  জনজাতীয় গৌৰব দিৱস পালন কৰিছে। আজাদী-কা-অমৃত মহোৎসৱৰ অংশ হিচাপে  এই দিৱস পালন কৰা হৈছে। এই উপলক্ষে নতুন দিল্লীৰ সংসদ ভৱনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ছহিদ বীৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অৰ্পণ কৰিব। শ্রীমোদীয়  মধ্যপ্ৰদেশৰ ভূপালৰ পৰা এলানি জনজাতীয় কল্যাণ কাৰ্যসূচী মুকলি কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে মধ্য প্রদেশত ৰেচন আপ কী গ্রাম আঁচনিৰো শুভাৰম্ভ কৰিব। এই আঁচনিৰ মূল লক্ষ্য হৈছে জনজাতীয় সম্প্ৰদায়ৰ হিতাধিকাৰীসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ প্ৰতি মাহৰ ৰেচন সুলভ মূল্যৰ দোকানসমূহৰ পৰা আনিবলৈ যোৱাৰ পৰিৱৰ্তে সেইসমূহ যাতে নিজ নিজ গাঁৱতেই লাভ কৰিব পাৰে, তাৰ সুবিধা প্ৰদান কৰা। প্রধানমন্ত্ৰীয়ে লগতে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে ৰাঁছীত স্থাপন কৰা বিৰছা মুণ্ডা সংগ্ৰহালয়ো উদ্বোধন কৰিব। জনজাতীয় গৌৰৱ দিৱস উপলক্ষে জনজাতীয় সমাজৰ সৱলীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জনজাতীয় সম্প্ৰদায়ৰ বাবে বৃত্তিৰ বাজেট দুগুণ কৰা, একলব্য বিদ্যালয় অনুমোদনৰ সংখ্যা পাঁচ গুণ বৃদ্ধি কৰা, এম এছ পিৰ অধীনত সামৰি লোৱা লঘু বন উৎপাদিত সামগ্ৰীৰ সংখ্যা সাত গুণ বৃদ্ধি কৰা, লঘু বন উৎপাদিত সামগ্ৰীৰ ক্ৰয়ৰ মূল্য ৬২ গুণ বৃদ্ধি কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এছ চি-এছ টি অত্যাচাৰ প্ৰতিৰোধ আইনৰ সুদৃঢ়কৰণে এটা সম্মানজনক আৰু মর্যাদাসম্পন্ন জীৱন সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। সৰ্বপ্ৰথমবাৰৰ বাবে বিমুক্ত, যাযাবৰ আৰু অৰ্ধ-যাযাবৰ সমাজৰ উন্নয়ন আৰু কল্যাণ পৰিষদ গঠন কৰা হৈছে। বীৰত্বপূৰ্ণ কৰ্মৰাজিৰ কৃতজ্ঞতা জনাবলৈ সমগ্ৰ ভাৰতত ১০ টাকৈ জনজাতীয় মুক্তিযোদ্ধা সংগ্ৰহালয় স্থাপন কৰা হৈছে। ভাৰতীয় কন আইনৰ সংশোধনীৰ দ্বাৰা বাহক নিয়ন্ত্রক শৃংখলাৰ পৰা মুক্তকৰণে বাঁহ খেতি আৰু বিক্ৰীৰ বাবে উৎসাহ যোগাইছে। মিছন বন ধনৰ যোগেদি ৯ লাখ লোক লাভাম্বিত হৈছে। জনজাতীয় কল্যাণ মন্ত্রী অর্জুন মুণ্ডাই আকাশবাণীৰ বাতৰি বিভাগৰ এটা সাক্ষাৎকাৰত কয় যে দেশৰ স্বাধীনতা সংগ্রামত জনজাতীয় নেতাসকলৰ অৱদানৰ কথা স্মৰণ কৰাই এই দিৱসৰ মূল উদ্দেশ্য। আকাশবাণীৰ এফ এম গোল্ড চেনেল যোগে  নিশা ৯ বাজি ১৫ মিনিটত প্ৰচাৰ হ’বলগীয়া স্পটলাইট অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী অর্জুন মুণ্ডাৰ এই সাক্ষাৎকাৰ শুনিবলৈ পোৱা যাব। নিউজ অন এআইআৰ মবাইল এপ আৰু আকাশবাণীৰ ইউটিউব চেনেল নিউজ অন এআইআৰ অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ’ব। উল্লেখযোগ্য যে ভাৰত চৰকাৰে অলপতে সমগ্ৰ দেশৰ জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ ভগৱানস্বৰূপ-বীৰ্চা মুণ্ডাৰ জন্ম দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালনৰ কথা ঘোষণা কৰে। যোৱা ১০ নৱেম্বৰত কেন্দ্রীয় কেবিনেটে বীৰ জনজাতি স্বাধীনতা যুঁজাৰুসকলৰ স্মৃতিত  ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে উৎসৰ্গা কৰাৰ সিদ্ধান্তত অনুমোদন জনায়।ইপিনে, জনজাতীয় গৌৰৱ দিৱসৰ সৈতে সংগতি ৰাখি ফিল্ম ডিভিজনে দেশৰ বিভিন্ন জনজাতি বিষয়ক ৫খন তথ্যচিত্ৰৰ লগতে বিশিষ্ট জনজাতি মুক্তি যুঁজাৰু বীৰচা মুণ্ডাৰ জীৱনৰ ওপৰত আধাৰিত এ ছং-অব্-বীৰ্চা শীর্ষক এখন চুটী ছবি প্রদর্শন কৰিব। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে উদযাপন কৰা আজাদী আৰু অমৃত মহোৎসৱৰ অংশ হিচাপে ফিল্ম ডিভিজনৰ ৱেব ছাইট আৰু ইউটিউব চেনেলত কাইলৈ এই তথ্যচিত্ৰসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।