কোকৰাঝাৰ সাহিত্য উৎসৱ আৰু কবি সন্মিলন

Pc- Youtube

কোকৰাঝাৰ সাহিত্য উৎসৱ আৰু কবি সন্মিলন

ৰঙিলী বাৰ্ত্তাসেৱা-  বি টি আৰ প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত কোকৰাঝাৰ সাহিত্য উৎসৱ আৰু কবি সন্মিলনৰ আজি দ্বিতীয় দিন। কোকৰাঝাৰৰ চান্দামাৰীত থকা বড়োফা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত এই সাহিত্য উৎসৱত দেশ আৰু বিদেশৰ ১০০টা বিভিন্ন ভাষাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। শান্তি আৰু প্ৰেমৰ বাবে কবিতা মূল মন্ত্ৰৰে অনুষ্ঠিত এই সাহিত্য উৎসৱ কালি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট লেখক মিথেশ নির্মোহী, খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ ছুবে, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংবাদিক পেটছিয়া মুখীম আদি বিশিষ্ট লোকসকল উপস্থিত থাকে।