অসমৰ শিক্ষিত নিবনুৱাৰ স্বপ্ন ভংগ কৰি বাতিল হ’ল এপিডিচিএলৰ ১৯৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া

Pc- ETV BHARAT

অসমৰ শিক্ষিত নিবনুৱাৰ স্বপ্ন ভংগ কৰি বাতিল হ’ল এপিডিচিএলৰ ১৯৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ শিক্ষিত নিবনুৱাৰ স্বপ্ন ভংগ কৰি বাতিল হ’ল এপিডিচিএলৰ ১৯৫০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া৷-এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷শনিবাৰে লুৰীণজ্যোতি গগৈয়ে কয়- ২০১৮ চনত মাচুলসহ আবেদন গ্ৰহণ কৰা এই পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ২০১৯ চনত৷ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ প্ৰতিবাদ হ’ল, দাবী উত্থাপন হ’ল৷ আৰু, তিনিবছৰজোৰা অপেক্ষাৰ ফলাফল- নিযুক্তি প্ৰক্ৰিয়া বাতিল৷ এইসকল নিবনুৱাৰ সময়খিনি ঘূৰাই দিব পাৰিবনে অসম চৰকাৰে?এয়াই হৈছে বৰ্তমান অসম চৰকাৰৰ নীতি৷ যোৱা দুটা বৰ্ষত আবেদন প্ৰক্ৰিয়া শেষ হোৱা প্ৰায় সংখ্যক বিভাগৰেই তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে লিখিত পৰীক্ষাসমূহ পাতিবলৈ চৰকাৰৰ কোনোধৰণৰ প্ৰস্তুতি নাই৷ কোনোবাটো পৰীক্ষাই বাতিল হৈছে, কোনোটোৰ ফলাফল নোলায়, কোনোটোৰ ফলাফল ওলালেও নিযুক্তি নাই, কোনোটোৰ প্ৰশ্নকাকত ফাদিল ইত্যাদি৷ ল’ৰা-ধেমালিৰে চলিছে অসম চৰকাৰৰ বিয়াগোম বিভাগসমূহ৷ সৌ সিদিনা টেট পৰীক্ষাৰ কেলেংকাৰী পোহৰলৈ আহিছে৷ অতদিনে টেটক লৈয়েই প্ৰশংসা বুটলি আহিছিল এই বিজেপি চৰকাৰখনে৷ অথচ, যোৱা দুটা দশকত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত কোন আছিল, সকলোৱেই জানে৷এক লাখ চাকৰি দিম বুলি শাসনলৈ অহা চৰকাৰলৈ আমাৰ প্ৰশ্ন- ২৬ লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ ১ লাখ নিযুক্তিৰ বাহিৰে বাকী ২৫ লাখ নিবনুৱাৰ দায়িত্ব ল’ব কোনে? এই সংখ্যা বছৰি বাঢ়ি গৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ নিবনুৱা সমস্যাৰ বিষয়টোত চৰকাৰৰ যে কোনো বাস্তৱসন্মত নীতি নাই সেয়া স্পষ্ট ৰূপত ধৰা পৰিছে৷ এক লাখ চাকৰি দিয়া প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ’ব? জনচক্ষুৰ পৰা লুকুৱাই ৰখা আঁৰৰ সত্যটো হৈছে অসম চৰকাৰৰ বিভাগসমূহে বৰ্তমান কোনো ধৰণৰ নতুন নিযুক্তি দিব পৰাকৈ আৰ্থিকভাৱে সক্ষম নহয়, যাৰ বাবে প্ৰক্ৰিয়াটো বিলম্ব কৰি থকা হৈছে৷ অসম চৰকাৰৰ বিভাগসমূহে পঠোৱা খালী পদৰ তালিকা পুনৰ সংশ্লিষ্ট বিভাগসমূহলৈ ঘূৰাই পঠোৱা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত কোনো স্পষ্টীকৰণ প্ৰকাশ কৰা নাই কিয় চৰকাৰে?আৰু কিমান দিনলৈ অসমৰ শিক্ষিত নিবনুৱাক এই ভেঙুচালি? নিবনুৱা সমস্যাটোক গুৰুত্বসহকাৰে লৈ তৎকালে আগবাঢ়িবলৈ অসম চৰকাৰক সজোৰে দাবী জনালোঁ৷ অসমবাসী তথা অসমৰ শিক্ষিত, প্ৰতিভাবান নিবনুৱাসকলকো প্ৰবল জনমত গঠন কৰি নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰক বাধ্য কৰাবলৈ আহ্বান জনালোঁ৷