২০২১ বৰ্ষৰ সাংবাদিকতা বঁটা সহ অনান্য শিতানৰ বঁটা প্ৰাপকৰ নাম ঘোষণা জাফা’ৰ

pc- The sentinel assam

২০২১ বৰ্ষৰ সাংবাদিকতা বঁটা সহ অনান্য শিতানৰ বঁটা প্ৰাপকৰ নাম ঘোষণা জাফা’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ সাংবাদিক – সংবাদকৰ্মী সকলোৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই সংগঠনটোৰ Jafa Achievers Award 2021ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰে । জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে । জাফাই এইবাৰ নিৰ্বাচিত কৰা বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল হ’ল ক্ৰমে- Jafa Achievers Award 2021 For journalism শিতানত জিতেন্দ্ৰ কুমাৰ চৌধুৰী (দৈনিক অসম ),মৌচম জ্যোতি বৈশ্য ( দ্য ছেণ্টিনেল) ,ছায়ামনি ভূঞা ( নিউজ লাইভ ) ,ধ্ৰুৱজ্যোতি পাঠক (অসমীয়া প্ৰতিদিন ),নয়ণ প্ৰতীম কুমাৰ (প্ৰতিদিন টাইম ) Jafa Achievers Award 2021 For video Journalism শিতানত প্ৰদীপ বৰ্মন ( ডি- ৱাই ৩৬৫), Jafa Achievers Award 2021 For Photo Journalism শিতানত আফতাব আলী( ইউ বি ফটোজ ),Jafa Achievers Award 2021 For News Anchor শিতানত- গীতাশ্ৰী তালুকদাৰ , নিউজ ১৮ আসাম নৰ্থ ইষ্ট,Jafa Achievers Award 2021 Young Editor Award For Print Media নিলয় পাল ( প্ৰান্তজ্যোতি দৈনিক ), Jafa Achievers Award 2021 For Peace and Prosperity শিতানত লং সিং টেৰণ (Thekar, Karbi daily ),Jafa Achievers Award 2021 For Human Rights শিতানত ড° দিব্যজ্যোতি শইকীয়া ( মানবতাবাদী কৰ্মী ), Jafa Achievers Award 2021For Enterpreneurship শিতানত আৰ্জেদ চহৰীয়া(উদ্যোগী ) Jafa Achievers Award 2021 For Social Servive শিতানত তূষাৰ পাল ( বিশিষ্ট সমাজকৰ্মী ),JafaAchievers Award 2021for Excellence Medical service শিতানত ডা: অভিজিৎ শৰ্মা ( অধীক্ষক , জি এম চি এইচ ),Jafa Achievers Award 2021 For Excellence in police Service শিতানত ৰজী কলিতা (এচ পি , চিএম ভিজিলেঞ্চ ),Jafa Achievers Award 2021 For excellence service in public Administration শিতানত আদিল খান ( পৰিবহণ আযুক্ত ),Jafa Achievers Award 2021 for youth politician শিতানত জীৱেশ ৰায় ( যুৱ নেতা , বিজেপি ),উল্লেখ্য যে জাফাই এইবাৰ বিভিন্ন শিতানত ২৭ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বঁটা প্ৰদানৰে সন্মানিত কৰিব । এই ২৭ গৰাকী বঁটা প্ৰাপকৰ ২১ জনেই হ’ল সাংবাদিক । গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত ১০ গৰাকী বঁটা প্ৰাপকৰ নাম ইতিপূৰ্বে ঘোষণা কৰা হৈছে ।অহা ২৮ নৱেম্বৰত গুৱাহাটীৰ লাষ্টগেটত থকা লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা সমুহ প্ৰদান কৰা হ’ব ।