টি-২০ বিশ্ব কাপ ক্রিকেটৰ  প্ৰথম খন ছেমি ফাইনেল

Pc- Wion

টি-২০ বিশ্ব কাপ ক্রিকেটৰ  প্ৰথম খন ছেমি ফাইনেল

ৰঙিলী বাৰ্ত্তাসেৱা- টি-২০ বিশ্ব কাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথম খন ছেমি ফাইনেলত আজি ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। আবু ধাবিৰ শ্বেখ জায়াত ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত খেলখন অনুষ্ঠিত হ’ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ডুবাইত কাইলৈ পাকিস্তান অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। আকাশবাণীয়ে এই খেলসমূহৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। এই প্রতিযোগিতাত পাঁচখন খেলত অৱতীৰ্ণ হোৱা ইংলেণ্ডে পইণ্ট তালিকাত শীর্ষস্থান নিশ্চিত কৰাৰ বাবে সকলো প্রচেষ্টা চলাব। আনহাতে নিউজিলেণ্ড পাঁচখন খেল খেলি বর্তমান পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে।