লামডিং বনাঞ্চলত আৰম্ভ উচ্ছেদ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- গৰুখুটি, ঢেকীয়াজুলিৰ পাছত এইবাৰ লামডিং বনাঞ্চলত উচ্ছেদ অভিযান প্ৰশাসনৰ।ভেটনালা আৰু কমৰপানীৰ বেদখল স্থলীত চলিছে উচ্ছেদ।প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে আজিৰে পৰা চলিছে উচ্ছেদ অভিযান।ইতিমধ্যে একাংশ বেদখলকাৰী সেই স্থানৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে।উচ্ছেদ অভিযানৰ বাবে আৰক্ষীৰ বিশাল বাহিনী মোতায়েন কৰা হৈছে।দুদিন ধৰি চলিব এই উচ্ছেদ অভিযান।বৰ্তমানলৈ শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান।
