দীপাৱলী বা দীপান্বিতা- হিমাদ্ৰী বৰকটকী

Pc- India Tv News

দীপাৱলী বা দীপান্বিতা

দীপাৱলী বা দীপান্বিতাক পোহৰৰ উৎসৱ বুলি কোৱা হয়। জনবিশ্বাস মতে ভগৱান ৰামচন্দ্ৰই ১৪ বছৰ বনবাস খাটি ৰাৱনক বধ কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহিছিল।সেইদিনা অযোধ্যাবাসীয়ে ঘৰে-ঘৰে চাকি-বন্তি জ্বলাই আলপনা বা ৰংগোলী আঁকি ৰামচন্দ্ৰক আদৰণি জনাইছিল।গোটেই অযোধ্যা পোহৰে জকমকাই আছিল। সেইদিনটোত অযোধ্যাবাসীয়ে মিলি ৰামৰ বিজয় উৎসৱ পালন কৰিছিল। সেইকাৰণে বৰ্ত্তমানেও সেই দিনটোত দীপাৱলী উদযাপন কৰে হিন্দুধৰ্মাৱলীৰ লোকসকলে। এই উৎসৱ সাধাৰণতে হিন্দু, জৈন, শিখ সকলৰ প্ৰধান উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত দীপাৱলী উদযাপন কৰা হয়। দীপাৱলীৰ দিনা সাধাৰণতে জৈন ধৰ্মাৱলীৰ লোক সকলে লক্ষ্মী আৰু গণেশক পূজা কৰে। ঘৰ-দুৱাৰ চাফ-চিকুন কৰি সন্ধিয়া গোটেই ঘৰত চাকি-বন্তি জ্বলোৱা হয়। ঘৰে ঘৰে কলগছ পদুলি মূখত ৰোৱা হয় আৰু তাত চাকি জ্বলোৱা হয়। আলপনা বা ৰংগোলী ঘৰত অংকন কৰা হয়। আনন্দৰ উৎসৱ হিচাবে বিভিন্ন ধৰণৰ মিঠাইৰ সোৱাদ লোৱা হয়। পোহৰৰ উৎসৱ হিচাবে লাইটৰ পোহৰেৰে ঘৰবোৰ আলোকিত কৰা হয়। লগতে সকলোৱে মিলি ফটকা-ফুলজাৰি জ্বলাই আনন্দ উৎসৱটি উদযাপন কৰা হয়।

অসম আৰু বেংগলটো সাধাৰণতে সেইদিনা কালিপূজা বা শ্যামা পূজা পতা হয়। কালি গোঁসানীৰ মূৰ্তিত পূজা কৰা হয়। ঘৰে ঘৰে চাকি-বন্তি জ্বলোৱা হয়। গোঁসানীৰ ওচৰত হাঁহ-পাৰ, ছাগলী, কোমোৰা, কুঁহিয়াৰ আদি বলি প্ৰদান কৰা হয়। লগতে এই প্ৰসাদ ভক্তসকলক প্ৰদান কৰা হয়।

গতিকে, পোহৰৰ উৎসৱ দীপাৱলী আনন্দৰ উৎসৱ। এই উৎসৱ সকলো লোকৰে প্ৰিয়।

          হিমাদ্ৰী বৰকটকী

          শিৱনগৰ, ২নং উপপথ

          নগাঁও, অসম