পোহৰৰ উৎসৱ দীপান্দিতা- বন্দিতা শৰ্মা কন্দলি

Pc- Zee News

পোহৰৰ উৎসৱ দীপান্দিতা

কাতি মাহৰ অমাৱস্যা নিশা পালন কৰা হয় কালী পুজা আৰু দীপান্দিতা। দীপান্দিতা ত নানা আকৃতিৰ মাটি চাকি, ৰং- বিৰঙৰ বিজুলী চাকি,মমবাতি আৰু আতচবাজীৰ পোহৰ আৰু শব্দই অমাৱস্যাৰ আন্ধাৰ আঁতৰাই পোহৰে চৌদিশ উজলাই তোলে। এই চাকিৰ পোহৰত আমাৰ মনবোৰো সুখ আনন্দৰে ভৰি পৰে।

পৌৰাণিক আখ্যান অনুসৰি শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰি জগতত সত্য আৰু ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ বনবাসৰ পৰা অযোধ্যালৈ ঘূৰি অহাৰ সময়ত প্ৰজাবৃন্দই চাকি- বন্তি জ্বলাই অযোধ্যা নগৰ পোহৰাই আনন্দ উলাস কৰিছিল।আন এক আখ্যান মতে ভগৱান শ্ৰীকৃষ্ণই অত্যাচাৰী নৰকাসুৰক বধ কৰাৰ পিছত বন্তি জ্বলাই আনন্দ প্ৰকাশ কৰিছিল। এই আখ্যান সমূহৰ পৰা আমি ইয়াকে বুজিব পাৰো যে দীপান্দিতা বা দেৱালীৰ প্ৰকৃত অৰ্থ হ’ল সমাজ আৰু মনৰ অসূয়া শক্তিক নিঃশেষ কৰি শান্তি আৰু আনন্দক আদৰণি জনোৱা। প্ৰতি বছৰ দৰেই এই বছৰো আমাৰ হেঁপাহৰ উৎসৱ দেৱালী আহি পালেহি।তোমালোকে মাটি চাকি জ্বলাই ভাল পোৱা নে ৰং বিৰঙৰ বিজুলী চাকি যি খিনিক আমি সাধাৰণতে টিপ্-টপ্ লাইট বুলি কও ,সেয়া বেছি ভাল পোৱা বাৰু? সৰহ সংখ্যকেই চাগে পাছৰ বিধহে ভাল পোৱা নহয় জানো! কিন্তু কেৱল আনন্দৰ বাবেহে যে চাকি জ্বলাই এনে নহয় ,চাকি জ্বলোৱাৰ আৰু এটা বিজ্ঞান ভিত্তিক কাৰণ আছে। তেলৰ মাটি চাকি জ্বলালে তাত অসংখ্য চগা, শস্য অনিষ্টকাৰী কীট-পতংগ,মহ আদি চাকিৰ তেল আৰু জুইত জাহ যায়। যিহেতু এই কীট পতংগই আমি দেখা মাছ ভেকুলীৰ দৰে শ শ কণী পাৰে;আন কিছুমান প্ৰাণীয়ে এই কণীবোৰ খাদ্য হিচাপে গ্ৰহণ কৰে যদিও যথেষ্ট সংখ্যক পোৱালি জগায় সেয়ে এই ব্যৱস্থাৰে কিছু সংখ্যক অনিষ্টকাৰী কীট-পতংগ কমিলেও পৰিস্থিতি তন্ত্ৰত বিশেষ প্ৰভাৱ নপৰে। ফলস্বৰূপে শস্য ৰ লগতে আন জীৱ-জন্তু আৰু আমিও বহু বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰো।

অত্যাধিক পোহৰ আমাৰ চকুৰ বাবে হানিকাৰক।এনে পোহৰক পোহৰ প্ৰদূষণ বুলি কোৱা হয়। বিজুলী চাকিৰ ৰং বিৰঙ আৰু ঢিমিক-ঢামাক পোহৰে আমাৰ চকুৰ ক্ষতি সাধন কৰে। সেয়ে আমি বাহ্যিকতা এৰি দেখাক দেখি বিজুলী চাকিৰ প্ৰতিযোগিতা নাপাতি মাটি চাকি জ্বলাই পৰম্পৰাগত ভাবে উৎসৱ পালন কৰিব লাগে।মাটি চাকিৰ ব্যৱহাৰে মৃৎশিল্পী সকলো প্ৰত্যক্ষ ভাৱে উপকৃত হয়। কভিড-১৯ সংক্ৰমণ ৰোধ কৰিবৰ বাবে দিয়া লকডাউনে আমাৰ বেছি সংখ্যক পৰিয়ালকে আৰ্থিকভাৱে জুৰুলা কৰিলে। এনে সময়ত দেৱালী বুলিয়েই শ শ বা হাজাৰ টকা ফটকা-আতচবাজীৰ নাম পুৰি ছাঁই কৰি দিব নালাগে। এই বিলাকৰ পৰা ওলোৱা ধোঁৱা বা গেছ সমুহে পৰিৱেশ প্ৰদূষিত কৰি তোলে। এই সকলোবোৰ দিশলৈ লক্ষ্য ৰাখি আমি মাটিৰ চাকিৰ পোহৰত অমাৱস্যাৰ আন্ধাৰ আঁতৰোৱাৰ লগতে জ্ঞানৰ চাকিৰে মন উজলাই সমাজখন পোহৰাই তুলিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ মনৰ পৰা হিংসা,দ্বেষ ,ভেদ-ভাব,অন্যায়-অনীতি, অন্ধবিশ্বাস আদি জ্ঞানৰ চাকিৰে দূৰ কৰি সকলোৰে মনত প্ৰেম আৰু ভাতৃ ভাব জগাই তুলিবলৈ আধ্যাত্মিকতাৰে পালন কৰিম পোহৰৰ উৎসৱ দীপান্দিতা ।

বন্দিতা শৰ্মা কন্দলি