গোলাঘাটত চলিছে নেকি শাক পাচলি ছিণ্ডিকেট, মধ্যভোগীযে জুৰুলা কৰিছে কৃষক সকলক

pc- The Janambhumi

গোলাঘাটত চলিছে নেকি শাক পাচলি ছিণ্ডিকেট, মধ্যভোগীযে জুৰুলা কৰিছে কৃষক সকলক

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ জামুগুৰিৰ বিভিন্ন অঞ্চলৰ খেতিয়কে মধ্যভোগী আৰু স্থানীয় বজাৰৰ হাটখোৱাৰ অত্যাচাৰ বাবে নিজৰ তেজ পানী কৰি উৎপাদন কৰা ফচলৰ উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হৈ গুৰুতৰ অভিযোগ । গোলাঘাটৰ জামুগুৰিৰ শাক পাচলি অসমৰ ইমূৰৰ পৰা সিমূৰৰ লৈকে ৰপ্তানি হোৱাৰ বাবে জনাজাত কিন্তু নিজৰ তেজ পানী কৰি শাক পাচলি উৎপাদন কৰা খেতিয়ক সকলে নিজৰ ফচলৰ উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হৈ আহিছে।যি শাক পাচলিৰ আপুনি বজাৰত প্ৰতি কিলো দহ টকা পৰা ৮০ টকা পর্যন্ত টকা খৰচ কৰিছে সেই পাচলিৰ প্ৰকৃত মূল্য জামুগুৰিৰ খেতিয়কে পাই মাত্ৰ দহ পৰা ১৫ টকা।ইয়াৰ মাজৰ লাভ আদায় কৰে মধ্যভোগী ছিণ্ডিকেটে।আনফালে এইক্ষেত্ৰত স্থানীয় খেতিয়কে আন এটা গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছে যে জামুগুৰি বজাৰৰ হাটখোৱাই গৃহস্থৰ পৰা পোনপটীয়াকৈ শাক পাচলি ক্ৰয় কৰিবলৈ অহা ব্যৱসায়ী সকলৰ পৰা অত্যাধিক মাচুল লোৱাৰ বাবে এতিয়া সেই সকল ব্যৱসায়ী নহা হৈছে।আৰু ফলত ইয়াৰ মধ্যভোগী ছিণ্ডিকেটৰ চক্ৰান্ত তেওঁ লোকে দহ পৰা ১৫ টকাত বিক্ৰী কৰা শাক পাচলি সমূহ অন্য বজাৰ সমূহত ৪০ ৰ পৰা ৮০ টকাত বিক্ৰী হোৱাত চকু কপালত উঠিছে গঞা ৰাইজৰ।কিন্তু আশ্চৰ্যকৰ বিষয় এইটো যে এই ক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ ব্যবস্থা লোৱা পৰিলক্ষিত হোৱা নাই।