গুৱাহাটীত ছৈয়দ মুষ্টাক আলী টি-২০ ক্ৰিকেট গুৱাহাটীলৈ আহিছে টীম ইণ্ডিয়াৰ কেইবাজনো ক্ৰিকেটাৰ

গুৱাহাটীত ছৈয়দ মুষ্টাক আলী টি-২০ ক্ৰিকেট গুৱাহাটীলৈ আহিছে টীম ইণ্ডিয়াৰ কেইবাজনো ক্ৰিকেটাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৪ নৱেম্বৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব বিচিচিআইৰ অধীনৰ ছৈয়দ মুষ্টাক আলি টী-২০ ক্ৰিকেট। দেশৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীৰ বর্ষাপাৰা আৰু নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ছৈয়দ মুষ্টাক আলী টি-২০ ক্ৰিকেট।দেশৰ আগশাৰীৰ ৰাজ্যৰ মাজৰ টি-২০ খেল অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈছে অসম ক্ৰিকেট সন্থা।ক’ভিড প্ৰট’কল অনুযায়ী অনুষ্ঠিত হ’ব খেল।দৰ্শক,সাংবাদিক,ফটো সাংবাদিক আৰু অফিছ ষ্টাফো যাব নোৱাৰিব ষ্টেডিয়ামলৈ।মুষ্টাক আলী টি-২০ খেলিবলৈ গুৱাহাটীলৈ আহিছে টীম ইণ্ডিয়াৰ কেইবাজনো ক্ৰিকেটাৰ।গুৱাহাটীলৈ আজিংক্যা ৰাহানে,পৃথ্বী শ্ব,শিৱম ডুবে,ঋদ্ধিমান সাহা,মায়াংক আগৰৱাল,মনিষ পাণ্ডেকে ধৰি আন একাধিক ক্ৰিকেটাৰ।গুৱাহাটীলৈ অহা ক্ৰিকেটাৰসকল হোটেলত তিনিদিন কোৱাৰেন্টাইনত আছিল।