সমগ্ৰ দেশৰ লগতে অসমতো ষষ্ঠ আয়ুর্বেদ দিৱস পালন
ৰঙিলী বাৰ্ত্তাসেৱা- ৬ষ্ঠ আয়ুর্বেদ দিৱস সমগ্ৰ দেশৰ লগতে অসমতো নৱগঠিত আয়ুর্বেদিক চিকিৎসা সন্থাৰ সৌজন্যত ধনস্তৰী জয়ন্তীৰ দিনা ৰাজ্যজুৰি দিনজোৰা বিভিন্ন কাৰ্যসূচী পালন কৰিবলৈ লোৱা হৈছে।ইয়াৰ অংশ হিচাপে কামৰূপ জিলাতো কাইলৈ ষষ্ঠ আয়ুর্বেদ দিৱস আৰু ধনন্তৰী দিৱস অনুষ্ঠিত কৰা হ’ব। বিশ্বৰ প্ৰাচীন চিকিৎসা পদ্ধতি হিচাপে আয়ুর্বেদিক চিকিৎসা পদ্ধতিয়ে যাতে প্রতিজন ব্যক্তিৰ সহায়ক হয়, সেই উদ্দেশ্যে আয়ুৰ্বেদৰ ব্যৱহাৰ সম্পর্কে সাধাৰণ ৰাইজক সচেতন কৰিবলৈ ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে আয়ুৰ্বেদ চিকিৎসা শিবিৰো আয়োজন কৰা হৈছে। এই উপলক্ষে কামৰূপ জিলাৰ ডোৰাকঁহৰাত অৱস্থিত ভিতৰখোলা এম ই স্কুলত সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে।এই অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।