ৰাজ্যৰ চিকিৎসালয়সমূহৰ চিকিৎসকসকলৰ বহিঃবিভাগ সেৱা বৰ্জন

pc- Merriam Webstar

ৰাজ্যৰ চিকিৎসালয়সমূহৰ চিকিৎসকসকলৰ বহিঃবিভাগ সেৱা বৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চিকিৎসালয়সমূহৰ বহিঃবিভাগ ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ এই তিনি দিন ধৰি বয়কট কৰিব চিকিৎসকসকলে। আলোচনাত মিলিত হোৱাৰ পাছতো কোনোধৰণৰ সমাধান সূত্র নোলোৱা ফলত আমছাই পূর্বঘোষিত আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।আন্দোলন সময়ছোৱাত চিকিৎসকসকলে বহিঃবিভাগত সেৱা আগ নবঢ়ায়। চিকিৎসা মহাবিদ্যালয়সমূহ এই আন্দোলনৰ কাৰ্যসূচীৰ পৰা বাদ পৰিব। আমছাই ১৯ অক্টোবৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে আমছাৰ এ এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ত এক বৈঠকত মিলিত হৈছিল। বৈঠকত আমছাই ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত কৰ্মৰত চিকিৎসকসকলৰ বাবে কেডাৰ পুনৰীক্ষণ-সময়োচিত পদোন্নতি, টাইম স্কেল পদোন্নতি, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত সেৱাৰত চিকিৎসকৰ নামভৰ্তিৰ যথোচিত ব্যৱস্থা, ডিপ্লমাধাৰী চিকিৎসকৰ বাবে দৰমহাত দুটাকৈ আগতীয়া ইনক্রিমেন্ট প্রদান, অনুজ চিকিৎসকৰ দৰমহাৰ তুলনাত জ্যেষ্ঠ চিকিৎসকৰ দৰমহাৰ হাৰৰ অসমতুলতা, চিকিৎসক স্বাস্থ্যকর্মীৰ সুৰক্ষা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ পদৰ বাবে সময়মতে বিজ্ঞাপন প্রকাশ আদি সন্দৰ্ভত আলোচনা কৰিছিল। আমছাৰ বিষয়ববীয়াসকলৰ অনুষ্ঠিত সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰে হোৱা বৈঠকৰ কাৰ্যবিৱৰণীত কোনোধৰণৰ সময়সীমা উল্লেখ নকৰাত তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰে।