প্ৰমোদ বড়ো আৰু ভৱেশ কলিতালৈ গৰুৱে খোৱা ঘাঁহৰ বীজ পঠিয়ালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰমোদ বড়ো আৰু ভৱেশ কলিতালৈ ৪ কিল’গ্ৰাম গৰুৱে খোৱা ঘাঁহৰ বীজ পঠালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।বিৰোধী দলপতি তথা তথা নাজিৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক দেবব্ৰত শইকীয়াই বিজেপিৰ সভাপতি ভেৱশ কলিতা আৰু বি টি আৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োলৈ ৪ কিলোগ্ৰামকৈ গৰুৱে খোৱা ঘাঁহৰ বীজ প্ৰেৰণ কৰিছে।ঘাঁহৰ বীজ বিৰোধী দলপতিজনে বড়োলৈ তেওঁৰ গাঁৱৰ ঠিকনাত আৰু কলিতালৈ তেওঁৰ বিধায়ক নিৱেশৰ ঠিকনাত প্ৰেৰণ কৰিছে।ইয়াৰোপৰি শুভাকাংক্ষী সকলোকে দল দুটাৰ সদস্যসকলৰ বাবেও দানা যোগান ধৰিবলৈ আহ্বান জনাইছে।যাতে দৈনিক ২৬ লিটাৰ কৈ গাখীৰ দিব পাৰে আৰু প্ৰতি ঘৰ পৰিয়ালে গাখীৰ খোৱাৰ উপৰিও ৰাহি হোৱা গাখীৰ চৰকাৰে দিয়া চাউলৰ লগত ব্যৱহাৰ কৰি পায়স তৈয়াৰ কৰিব পাৰে।উল্লেখযোগ্য যে,ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে থাওৰা আৰু গোসাইগাওঁ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু ইউ পি পি এলক দানা খুৱাবলৈ ৰাজহুৱাকৈ আহ্বান জনাইছিল।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও ৰাইজে দানা দিলে এদিনত ২৬ লিটাৰকৈ গাখীৰ দিব আৰু ৰাইজে গাখীৰ খাবলৈ পাব বুলি মন্তব্য কৰিছিল।