ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

pc Wikipedia

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা অসম মন্ত্রীসভাৰ  কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে এতিয়াৰে পৰা অৱসৰৰ পিছদিনাই পেন্সন দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে । শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে  বৈঠকৰ অন্তত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে কিছুদিন পূর্বে মুখ্যমন্ত্রী ড° শৰ্মাই শিক্ষক-কৰ্মচাৰীসকলে যাতে অৱসৰৰ পিছদিনাই পেন্সন লাভ কৰে, তাৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছিল। আৰু কেবিনেটে সেই ব্যৱস্থাক অনুমোদন দিয়ে। এতিয়াৰে পৰা শিক্ষক-কর্মচাৰীসকলে অৱসৰ গ্ৰহণৰ পূৰ্বে কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেন্সনৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে প্ৰত্যেক জিলাতেই এমট্ৰ’নে বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়ার কার্যালয়ত স্কেনাৰ মেচিনকে ধৰি একোটাকৈ পেন্সন সেৱা কেন্দ্ৰ স্থাপন কৰিব। আন বিভাগৰ কৰ্মচাৰীৰ বাবেও এমট্ৰ’নে পেন্সন সেৱা কেন্দ্র স্থাপন কৰিব । এতিয়াৰ পৰা শিক্ষক-কৰ্মচাৰীসকলে পেন্সন সেৱা কেন্দ্ৰৰ পৰা কৃতজ্ঞতা প’ৰ্টেললৈ পেন্সনৰ বাবে পোনপটীয়াকৈ আবেদন কৰিব পাৰিব। সেই আবেদন পেন্সন সঞ্চালকালয় অথবা মহাগাণনিকৰ কাৰ্যালয়লৈ যাব। পেন্সন সম্পৰ্কীয় ফাইল এতিয়াৰে পৰা শিক্ষা সঞ্চালকালয় বা সচিবালয়লৈ পঠিয়াব নালাগে। পূর্বতে একোজন অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীয়ে অৱসৰৰ পাঁচ বছৰ পৰ্যন্ত পেন্সন লাভ কৰা নাছিল। সেই সমস্যাৰ অৱসানৰ বাবেই প্রশাসনিক পৰ্যায়ত এনেদৰে সংস্কাৰ সাধন কৰা হৈছে। সেই অনুসৰি কলেজৰ অধ্যক্ষসকল যিহেতু ডিডিঅ’, সেয়ে তেওঁলোকে পোনপটীয়াকৈ পেন্সনৰ কাগজ-পাতি কৃতজ্ঞতা প’ৰ্টেললৈ পঠিয়াব পাৰিব। আন ডিডিঅ’সকলকো সেই কৰ্তৃত্ব প্ৰদান কৰা হৈছে। শিক্ষক-কর্মচাৰীৰ অৱসৰৰ এবছৰ পূৰ্বেই পেন্সনৰ বাবে প্ৰস্তাৱ পঠিওৱাৰ কাম আৰম্ভ কৰিব পাৰিব।পেন্সনাৰসকলে এক লাখৰ পৰা তিনি লাখ টকা পর্যন্ত ধন আদায় কৰাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। চাৰিজন অতিৰিক্ত সঞ্চালক ইয়াৰ বাবে নিযুক্তি দিয়া হ’ব। পূর্বে পেন্সনাৰসকল জীৱিত হয় নে নহয়, প্রতিবছৰে পেন্সনাৰসকলে বেংকলৈ গৈ প্ৰমাণ-পত্ৰ দিব লাগিছিল।পেন্সনাৰ প’ৰ্টেলৰ জৰিয়তে এতিয়াৰে পৰা  সেই কাম কৰিব পাৰিব ।