শিল্পী ৰমেন চৌধুৰীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষক লোকগীত আৰু আধুনিক গীতৰ এলবাম প্ৰদান 

Pc-Adut.in

Pc-Adut.inৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষক লোকগীত আৰু আধুনিক গীতৰ এলবাম প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  ডাউন টাউন বিশ্ববিদ্যালয় কর্তৃপক্ষই সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ পৰা হেৰাই যাবলৈ লোৱা মূল্যৱান সম্পদসমূহক সংৰক্ষণ কৰাৰ বাবে বিশেষ প্রচেষ্টা গ্ৰহণ কৰি আহিছে। ‘জ্ঞানচৰ্চা সহযোগী’ নামেৰে এক আঁচনি ছাত্ৰ-ছাত্ৰীৰ জ্ঞানবৰ্ধন আৰু গৱেষণাৰ ক্ষেত্ৰত সহায়ক হোৱাৰ উদ্দেশ্য আগত ৰাখি ৰূপায়ণ কৰি আহিছে।সেই আঁচনিৰ অধীনত বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰীয়ে তেওঁৰ ব্যক্তিগত সংগ্ৰহৰ পৰা প্ৰায় কুৰি ঘণ্টা সময়ৰ আপুৰুগীয়া আৰু হেৰাই যাবলৈ লোৱা লোকগীত আৰু আধুনিক গীতৰ এলবাম এটা বিশ্ববিদ্যালয় কর্তৃপক্ষক প্ৰদান কৰে। বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত এখন গাম্ভীর্যপূর্ণ অনুষ্ঠানত উপাচার্য ড° এন চি তালুকদাৰৰ হাতত অর্পণ কৰে। এলবাম গ্ৰহণ কৰি উপাচার্যগৰাকীয়ে শিল্পীগৰাকীৰ এই মহান কাৰ্যৰ শলাগ লয় আৰু এই সামগ্ৰীখিনি মর্যাদাসহকাৰে সংৰক্ষণ আৰু ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰাক্তন উপাচার্য ড° অমৰজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° বিৰিঞ্চি কুমাৰ মেধিৰ উপৰি বিশ্ববিদ্যালয়ৰ সহকাৰী গ্রন্থাগাৰিক ড° ৰুবী গোস্বামী, অতিরিক্ত পঞ্জীয়ক অসীম বর্মনকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।