ভাৰতৰ আটাইতকৈ কনিষ্ঠতম আই পি এচ অফিচাৰ

Pc- WikiBio
ভাৰতৰ আটাইতকৈ কনিষ্ঠতম আই পি এচ অফিচাৰ
ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ আটাইতকৈ কনিষ্ঠতম আই পি এচ অফিচাৰ।তেওঁৰ নাম হ’ল ছাফিন হাছান।তেওঁ ২২ বছৰ বয়সতে আই পি এচ অফিচাৰ হিচাপে নিযুক্ত হয়।যিদিনা তেওঁ পৰীক্ষা দিবলৈ গৈ আছিল, সেইদিনা ৰাস্তাতে তেওঁ এটা দুৰ্ঘটনাত পতিত হয় যাৰ ফলত তেওঁ ভৰিত, মূৰত আৰু বাওঁহাতত আঘাত পায়।তথাপি সেই দুৰ্ঘটনাই তেওঁৰ মনোবল ভাঙিব নোৱাৰিলে।তেওঁ তেনেদৰেই পৰীক্ষা দিবলৈ গ’ল।২৩ মার্চ তাৰিখে তেওঁৰ ইণ্টাৰভিউ আছিল।কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ২০ ফেব্ৰুৱাৰী তাৰিখে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।১ মার্চত সুস্থ হৈ ঘূৰি আহে আৰু ইণ্টাৰভিউৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ যোৱাৰ সিদ্ধান্ত লয়।ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি চলোৱাৰ পৰিৱৰ্তে তেওঁ থাকিবলগীয়া হৈছিল হাস্পতালত।তেওঁ ইণ্টাৰভিউৰ বাবে প্ৰস্তুতি চলাবলৈ সময় পাইছিল মাত্ৰ এসপ্তাহ।তথাপি তেওঁ ভাগ্যৰ ওচৰত হাৰ নামানিলে।তেওঁ তেনেকৈয়ে ইণ্টাৰভিউ দিলে আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ সেই ইণ্টাৰভিউত সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল।তেওঁৰ এই সফলতাৰ মূলতে আছিল আত্মবিশ্বাস, অধ্যৱসায় তথা কঠোৰ পৰিশ্রম।