পুনৰ সাম্প্ৰদায়িক বিহ বিয়পাইছে সত্যৰঞ্জন বৰাই; সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ৰুজু দুটাকৈ গোচৰ

rongilibarta

পুনৰ সাম্প্ৰদায়িক বিহ বিয়পাইছে সত্যৰঞ্জন বৰাই; সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ৰুজু দুটাকৈ গোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা – পুনৰ সাম্প্ৰদায়িক বিহ বিয়পাইছে সত্যৰঞ্জন বৰাই। এইবাৰ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদক ছ’চিয়েল মিডিয়াত ডকাইট বুলি আখ্যা। ইছলাম ধৰ্মীয় বিশ্বাসত ‘হুৰ’ বুলি পৰিচিত অলৌকিক চৰিত্ৰসমূহ তেওঁ আখ্যা দিছে চৰিত্ৰহীন বেশ্যা। চৰম বিদ্বেষমূলকভাৱে বৰাই তেওঁৰ ফেচবুক পোষ্টত লিখিছিল,‘মুছলমানে মোক সামাজিত মাধ্যমত ব্লক কৰি তত পোৱা নাই।কিমান কৰিবি অ’ বোপাইহঁত… এদিন নিজেই মৰিবি… অপেক্ষা মাথোঁ সময়ৰ…! এফালে, মা কামৰূপা-কামাখ্যা তথা মহাকালী; আনফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা… তহঁতৰ কি আছে অ’… হজৰত নামৰ এটা ডকাইট আৰু ৭২গৰাকী চৰিত্ৰহীন হুৰ, মানে যৌনচাৰী বেশ্যা৷যিকেইগৰাকীৰ বাবে বিশ্বৰ প্ৰতিজন মুছলমান পাগল… তাৰ বাহিৰে কি আছে তহঁতৰ?’ অৱশ্যে নেটিজেনৰ ৰোষৰ বলি হৈ সত্যৰঞ্জন বৰাই তেওঁৰ ফেচবুকৰ পোষ্ট ডিলিট কৰে যদিও ইয়াৰ স্ক্ৰীণশ্বট বিভিন্ন লোকৰ মোবাইলত প্ৰচাৰ হৈ আছে।বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰ পাছতে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দুটাকৈ গোচৰ।সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠন (আমছু)ৱে সত্যৰঞ্জন বৰাই সমাজৰ শান্তি আৰু সমন্বয় ব্যাহত কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি গোলাঘাটত ৰুজু কৰিছে গোচৰ।উল্লেখ্য যে, বিজেপিৰ কৃষক মৰ্চাৰ প্ৰাক্তন নেতাজনৰ ফেচবুক পেজ বিভিন্ন ইছলাম আৰু মুছলমান বিৰোধী পোষ্ট তথা কথা-বতৰাৰে ভৰি আছে৷হিন্দু ৰাষ্ট্ৰ গঠনৰ নামত সমাজত এনেদৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই থকা সত্যৰঞ্জন বৰাই বিভিন্ন সময়ত বিভিন্ন ঠাইত গণৰোষৰো বলি হ’বলগীয়া হৈছে।