ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ গুৱাহাটীত সুৰামত্ত যুৱতীৰ তাণ্ডৱ

pc Times of India

ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ গুৱাহাটীত সুৰামত্ত যুৱতীৰ তাণ্ডৱ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সুৰামত্ত যুৱতীৰ তাণ্ডৱ গুৱাহাটীত৷ নিশা দিছপুৰ যান-বাহন আৰক্ষীৰ জালত সুৰামত্ত দুই যুৱতী। বাহনত সুৰামত্ত হৈ ৰাজপথৰ মাজত উদ্ভণ্ডালি চলোৱাৰ অভিযোগত দুই যুৱতীক আটক কৰে৷দিছপুৰ থানাৰ ভিতৰতো উদ্ভাণ্ডালি চলালে সুৰামত্ত দুই যুৱতীয়ে। থানাৰ ভিতৰৰ পৰা সাংবাদিকৰ কেমেৰালৈ চেণ্ডেল আৰু চকী দলিয়ালে নিচাসক্ত যুৱতীয়ে। আৰক্ষীৰ ব্ৰেথ এনালাইজাৰত সুৰাৰ পৰিমান ২০১।বৰ্তমান পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে দুই যুৱতীক।