তোমাৰ উলঙ্গ শব্দত – ৰিতু ভৰালী

pc Unsplash

তোমাৰ উলঙ্গ শব্দত

✍️ৰিতু ভৰালী ।(যোৰহাট )

মাজৰাতি আমনি কৰেনে ?
বহু দিনৰ কথা
আজিকালি শব্দবোৰে নাচে মোৰ দেহৰ পিৰালিত
তোমাৰ উলঙ্গ শব্দৰে
তোমাৰ কথাৰে
অৱশ্যে , আজিকালি শব্দবোৰে অকলেই নাচে
তুমি যে নাই ,সেইবাবেই
সেইযে ন -বজাতেই তুমি আহিছিলা
তোমাৰ এটি ঠিকনাৰে
সেই নিশাতেই গ’লা
এতিয়া পৰুৱা বোৰ সেই বিজলুৱা বোৰত লাগি মৰি যায়
মই কিন্তু আজিও জীয়াই আছোঁ
তোমাৰ এটি এটি প্ৰতিশ্ৰুতিৰে
তুমি আহিবা
তুমি আহিবা বুলিয়ে
মাজৰাতি আমনি কৰে মোক
তোমাৰ উলঙ্গ শব্দবোৰে
আজিকালি শব্দবোৰে নিজেই নাচে
কিজানিবা তুমি আহাই
তুমিয়েইতো দেখুৱাইছিলা
আন্ধাৰ কোঠালিত পোহৰৰ ৰং
হাঃহা …..(কাৰুণ্য)
এতিয়া নিজকে ধেই নাম দি মাতো
পাপীনি
পিশাচনী… কত যে কি
মোক যদি বাটে- ঘাটে লগ পোৱা
কি বুলি মাতিবা
মই কোৱাৰ দৰেই নে অন্য কিবা ?
চিনি পাবানে মোক নে ভাও জুৰিবা ?
মই কিন্তু একেদৰেই আছোঁ
অৱশ্যে পেটটু অলপ উখহিছে
বাৰু থাকক এইবোৰ
আহিলে দেখিবাই তুমি
তুমি নুসুধিলেও মই আগেই ক’ম
নাম এটা দিবলৈ
নামটো সকলোৱেই দিছে এতিয়া
পিছে তুমি দিয়া নামটো পৃথক যে আনতকৈ
সেইবাবেই
তুমি আহিবা
তুমি আহিবা বুলিয়েই
মাজৰাতি মোক আমনি কৰে
তোমাৰ উলঙ্গ শব্দবোৰে
অৱশ্যে আজিকালি শব্দবোৰে নিজেই নাচে
কিজানিবা তুমি আহাই !