ই-নিলামৰ শেষত নীৰজ চোপ্ৰাৰ অলিম্পিকৰ স্বৰ্ণ বিজয়ী জেভেলিনৰ সৰ্বাধিক ১.৫ কোটি মূল্য লাভ
অনলাইন বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰৰ ই-নিলামৰ শেষত নীৰজ চোপ্ৰাৰ অলিম্পিকৰ স্বৰ্ণ বিজয়ী জেভেলিনে সৰ্বাধিক ১.৫ কোটি মূল্য লাভ কৰে। অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লভলিনা বৰগোহাঁইৰ বক্সিং গ্লাভসে ৯১ লাখ লাভ কৰে, আনহাতে পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী সুমিত এণ্টিলৰ জেভেলিনে ১ কোটি লাভ কৰে। অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমভাৰতীয় ফেঞ্চাৰ ভৱানী দেৱীৰ বেৰটোৱে ১,২৫ কোটি লাভ কৰিছিল।