ছালখনৰ উজ্জ্বলতা ধৰি ৰখাৰ উপায়

pc Dainik Agradoot

ছালখনৰ উজ্জ্বলতা ধৰি ৰখাৰ উপায়

ডাঃ বিজিতা চুতীয়া,
বি এ এম এছ, এম ডি,
ষ্টেট কনচালটেণ্ট, ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম
দিছপুৰ, বনফুল নগৰ পথ,
ফোন নং ৯৭০৭২৮৪১০০

আমাৰ ছালখন হৈছে সৌন্দৰ্যৰ অন্য এক আকর্ষণ। ছালখন বয়সৰ চাপৰ পৰা মুক্ত কৰি ৰাখিবলৈ ছালৰ যত্ন লোৱাটো অত্যন্ত জৰুৰী। বয়স বঢ়াৰ লগে লগে ছালৰ বলিৰেখা বা ছালখন ওলমি যোৱা দেখা যায়। এয়া অনিবার্য প্রক্রিয়া। কিন্তু আমি জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে ছালখন উজ্জ্বল আৰু কমনীয় কৰি ৰখাৰ লগতে সৌন্দৰ্যশালী হৈ থাকিব পাৰো।

ছালত প্ৰভাৱ পেলোৱা কাৰকসমূহঃ ছালখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ’লে আমি ছালখনত প্ৰভাৱ পেলোৱা কেতবোৰ কাৰকৰ বিষয়ে আগতে জানি ল’ব লাগিব। সেইসমূহ হৈছে

(১) বয়স বঢ়াৰ লগে লগে আমাৰ ছালত ক’লাজেনৰ উৎপত্তি কমি যায়, যিয়ে ছালৰ বলিৰেখা পৰাত অৰিহণা যোগায়।

(২) ফ্ৰীৰেডিকেলৰ ফলত ছালত সৃষ্টি হোৱা অক্সিডেটিভ ষ্ট্ৰেছ হৈছে বাৰ্ধক্যৰ আন এটা কাৰণ।

(৩) পৰিৱেশ প্ৰদূষণ

(৪) মানসিক চাপ

(৫) পুষ্টিহীনতা

(৬) সূৰ্যৰ প্ৰখৰ ৰশ্মি

(৭) নিদ্রাহীনতা ইত্যাদি।

আমাৰ ছালখন উজ্জ্বল আৰু সতেজ কৰি ৰাখিবলৈ ওপৰত উল্লিখিত কাৰকসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। তলত উল্লেখ কৰা পৰামৰ্শসমূহৰ জৰিয়তে আমি ক’লাজেন শক্তিশালী কৰা, ফ্ৰীৰেডিকেল ধ্বংস কৰাৰ লগতে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা নিজক বচাবলৈ সক্ষম হ’ব পাৰো—

(১) স্বাস্থ্যকৰ আহাৰ গ্ৰহণঃ স্বাস্থ্যকৰ আহাৰ আমাৰ ছালখন উজ্জ্বল কৰি ৰাখিবলৈ অত্যন্ত আৱশ্যকীয়। বিভিন্ন গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে সুষম স্বাস্থ্যকৰ আহাৰে অকালতে হোৱা ছালৰ বাৰ্ধক্য প্ৰতিৰোধ কৰিব পাৰে।

(ক) ভিটামিন চিঃ খাদ্য তালিকাত ‘ভিটামিন চি’সমৃদ্ধ খাদ্য যেনে— চাইট্রাছ ফল, সেউজীয়া শাক-পাচলি, ব্রকলি, অমিতা, ষ্ট্ৰবেৰী, বিলাহী আদি অন্তৰ্ভুক্ত কৰক। ভিটামিন- চিয়ে ফ্রী ৰেডিকেলসমূহ প্রশমিত কৰি আমাৰ ছালখন অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা বচোৱাৰ উপৰি ক’লাজেন প্ৰস্তুত কৰাতো সহায় কৰে।

(খ) এন্টিঅক্সিডেণ্টঃ সৌন্দৰ্যশালী ছালৰ বাবে খাদ্যত যথেষ্ট পৰিমাণে শাক-পাচলি আৰু ফলমূল অন্তর্ভুক্ত কৰক। শুকান ফল, বিভিন্ন ধৰণৰ মছলা যেনে— হালধি, আদা ইত্যাদি জামু, বীন আদি এণ্টিঅক্সিডেণ্টৰ প্রধান উৎস। এন্টিঅক্সিডেণ্টে ফ্রী ৰেডিকেল ধ্বংস কৰি ছালখন বাৰ্ধক্যৰ পৰা বচায়।

(গ) চেনিৰ পৰিমাণ কমোৱাঃ দৈনন্দিন জীৱনৰ পৰা চেনিৰ প্ৰয়োগ কমাই দিয়ক যিহেতু চেনিয়ে বার্ধক্যত যথেষ্ট প্ৰভাৱ পেলায়।

(ঘ) অ’মেগা-৩ ফেটি এচিডযুক্ত খাদ্যঃ ছালমন, হেৰিং, মেকেৰেল, চার্ডিন ইত্যাদি সাগৰীয় মাছ, ফ্লেক্সচিড (Flex seed), walnut আদিত যথেষ্ট পৰিমাণে অ’মেগা-৩ ফেটি এচিড় থাকে। অ’মেগা-৩ ফেটি এচিডে ছানবাৰ্ণৰ সমস্যাও প্ৰতিৰোধ কৰে।

(২) ছানস্ক্রীনৰ ব্যৱহাৰঃ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত অকালতে ছালত বাৰ্ধক্যৰ সমস্যাই দেখা দিয়ে, যাক Photoaging নামেৰে জনা যায়। যদিহে আমি বহুত সময় ধৰি সূৰ্যৰ তাপত থাকিব লগা হয়, তেতিয়া ছালত বলিৰেখা পৰাৰ লগতে ছালখন নিস্তেজ হৈ পৰে। সেয়েহে পৰাপক্ষত দিনৰ ১০ বজাৰ পৰা দুপীৰয়া ২ বজালৈ সূৰ্যৰ তাপৰ পৰা আঁতৰি থকা উচিত। বাহিৰত ওলাই যোৱাৰ আগতে সদায় SPF যুক্ত ছানস্ক্রীন ব্যৱহাৰ কৰা উচিত।

(৩) পর্যাপ্ত পৰিমাণে টোপনি যোৱাঃ ছালখন সতেজ কৰি ৰাখিবলৈ টোপনি অত্যন্ত জৰুৰী। গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে নিশা সাত ঘণ্টা টোপনি যোৱা মহিলা এগৰাকীৰ তুলনাত কম টোপনি যোৱা মহিলাৰ মুখমণ্ডলত বলিৰেখা পৰাৰ লগতে ছালখনৰ সতেজতা নোহোৱা হয়। টোপনি নাহিলে তলত উল্লিখিত অভ্যাসসমূহ কৰা উচিত—

(ক) সদায় নিশা একেটা সময়তে শুবলৈ যোৱা উচিত।

(খ) নিশা শোৱাৰ আগতে গুৰু আহাৰ খোৱা অনুচিত।

(গ) নিশাৰ আহাৰ শুবলৈ যোৱা ২-৩ ঘণ্টা আগতে কৰা উচিত।

(ঘ) চাহ, কফি আদি পানীয় শোৱাৰ আগতে নাখাব।

(৪) মানসিক চাপ পৰিহাৰঃ অত্যধিক মানসিক চাপৰ ফলত আমাৰ শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিচল নির্গত হয় যিয়ে ক’লাজেন প্ৰস্তুত কৰাত বাধা প্ৰদান কৰে। ফলস্বৰূপে আমাৰ ছালত বলিৰেখাই দেখা দিয়ে।

(৫) যোগ চৰ্চা আৰু ধ্যানঃ যোগাভ্যাসৰ মাজেৰে অন্তৰাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰিলে শাৰীৰিক উৎকর্ষ সাধনৰ লগতে মানসিক চাপৰ পৰাও চিৰস্থায়ীভাৱে মুক্ত হ’ব পাৰি। মানসিক চাপ কমাবলৈ সুন্দৰ কিতাপ অধ্যয়ন আৰু সুমধুৰ সংগীত শুনাৰ উপৰি ধ্যান অভ্যাস কৰা প্রয়োজন।

(৬) নিয়মিত ব্যায়ামঃ নিয়মিত ব্যায়াম কৰাৰ ফলত আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধী তন্ত্ৰ শক্তিশালী হৈ উঠাৰ লগতে ছালখন স্বাস্থ্যৱান হৈ থাকে। ব্যায়ামে আমাৰ শৰীৰৰ তেজ চলাচল বৃদ্ধি কৰে, যাৰ ফলত অক্সিজেন আৰু পুষ্টিকৰ উপাদানসমূহ ছালত বিলীন হয়। ব্যায়ামে মানসিক চাপ কমোৱাৰ লগতে সম্পূৰ্ণ নিৰোগী দেহ লাভ কৰি দেহ-মন জ্যোতির্ময় কৰি তোলে।

(৭) ধূমপান আৰু এলকহল পৰিত্যাগঃ বিভিন্ন গৱেষণাৰ পৰা প্রমাণিত হৈছে যে ধূমপান আৰু এলকহল সেৱনৰ ফলত মুখমণ্ডলত বয়সৰ চাপ অতি সোনকালে পৰে। সেয়েহে এইসমূহ পৰিত্যাগ কৰা উচিত।

(৮) গ্রীন টীঃ আমি জানো যে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে ছালত বাৰুকৈয়ে প্ৰভাৱ পেলায়। গ্রীন টীত থকা পলিফিনলে ইউ ভি ৰশ্মিৰ পৰা হোৱা বাৰ্ধক্য ৰোধ কৰিব পাৰে। গ্রীন টী খোৱাৰ উপৰি ছালৰ বিভিন্ন সমস্যা যেনে— একজিমা, শালমন ইত্যাদিত প্রয়োগ কৰিলে সুফল পোৱা যায়।

ইয়াৰ উপৰি নিতৌ ছালৰ যত্ন লোৱাটো অত্যাৱশ্যকীয়। অর্থাৎ পুৱা শুই উঠি আৰু ৰাতি শুবলৈ যোৱাৰ আগতে মুখখন পৰিষ্কাৰ পানীৰে ধোৱা উচিত। মুখ ধুবলৈ কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰা উচিত। তাৰ পাছত ক্লীনজাৰেৰে মুখখন ধুই টাৱেল এখনেৰে লাহেকৈ হেঁচি মুখ শুকাব দিব লাগে। ছালত নিতৌ মইশ্বাৰাইজাৰ ব্যৱহাৰ কৰা উচিত।

উপৰিউক্ত নিয়মসমূহ মানি চলাৰ লগতে স্বাস্থ্য ৰক্ষাৰ অতি গুৰুত্বপূৰ্ণ নিয়ম— যথেষ্ট পৰিমাণে পানী খোৱা উচিত।

পানীয়ে ছালখন হাইড্ৰেট কৰি ৰাখি সতেজ আৰু উজ্জ্বল কৰি তোলে। এনেদৰে আমি জীৱনশৈলীৰ পৰিৱৰ্তনৰ যোগেদি আমাৰ ছালখন স্বাস্থ্যৱান কৰি ৰখাৰ লগতে সৌন্দৰ্যশালী হৈ থাকিবলৈ সক্ষম হ’ব পাৰো।