অসমকে ধৰি সাত ৰাজ্যত মেগা বস্ত্ৰ উদ্যানৰ  বাবে ৪,৪৪৫ কোটি টকাৰ আবণ্টন 

Pc- Wikipedia

অসমকে ধৰি সাত ৰাজ্যত মেগা বস্ত্ৰ উদ্যানৰ  বাবে ৪,৪৪৫ কোটি টকাৰ আবণ্টন 

অনলাইন বাৰ্ত্তাসেৱা-  কেন্দ্রীয় কেবিনেটে মেগা বস্ত্ৰ উদ্যানৰ  বাবে অসমকে ধৰি সাত ৰাজ্যত ৪,৪৪৫ কোটি টকাৰ আবণ্টন দিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটত এই মেগা বস্তু উদ্যানৰ প্ৰকল্পত অনুমোদন জনোৱা হয়। অসমৰ উপৰি তামিলনাড়, পঞ্জাব, ওড়িশা, অন্ধ্র প্রদেশ, ৰাজস্থান, কৰ্ণাটক, মধ্যপ্রদেশ আৰু তেলেংগানা চৰকাৰে নিজ নিজ ৰাজ্যত মেগা বস্ত্ৰ উদ্যান স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি  বৈঠকৰ অন্তত চৰকাৰী বিবৃতিত প্ৰকাশ কৰা হৈছে। । বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী পীযূষ গোৱেল আৰু অনুৰাগ ঠাকুৰে কয় যে মেগা বস্ত্র উদ্যানসমূহ পিএম মিত্র হিচাপে অভিহিত কৰা হ’ব। এই বস্ত্ৰ উদ্যানসমূহ দুটা ভিন্ন শ্রেণীৰ হ’ব। গ্রীন ফিল্ড উদ্যান আৰু ব্ৰাউন ফিল্ড উদ্যান। গ্রীন ফিল্ড উদ্যান নিৰ্মাণৰ বাবে ব্যয় কৰা হ’ব সর্বোচ্চ ৫০০ কোটি টকা আৰু ব্ৰাউন ফিল্ড উদ্যানৰ বাবে ব্যয় কৰা হ’ব সর্বোচ্চ ২০০ কোটি টকা। চৰকাৰী বিবৃতি অনুসৰি উদ্যানসমূহ এহাজাৰ একৰ ভূমিত স্থাপন কৰা হ’ব আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰে ভূমিৰ আবণ্টন দিব। প্ৰতিখন উদ্যানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুদানস্বৰূপে আগবঢ়াব মুঠ মূলধনৰ ৩০ শতাংশ।