দিছপুৰ আৰক্ষীয়ে হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰে মডেল ৰাজকন্যাক

Pc- The northeast Affairs

দিছপুৰ আৰক্ষীয়ে হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰে মডেল ৰাজকন্যাক

অনলাইন বাৰ্ত্তাসেৱা- দিছপুৰ আৰক্ষীয়ে আৰক্ষীৰ পৰা চিকিৎসকলৈকে সকলোকে মেনেজ কৰি বাচিবলৈ চেষ্টা কৰা মডেল ৰাজকন্যাক হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰে। অসুস্থতাৰ ভাও ধৰি ব্যক্তিগত চিকিৎসালয় জি এন আৰ চিৰ ছেমি আই চি ইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মহানগৰ আৰক্ষীৰ আহ্বানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৬ জনকৈ বিশেষজ্ঞ চিকিৎসকৰে গঠন কৰা মেডিকেল ব’ৰ্ডে জি এন আৰ চিত ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁ কোনোধৰণৰ অসুস্থ নহয় বুলি প্ৰতিবেদন দিয়াৰ পাছতে দিছপুৰ আৰক্ষীয়ে মডেল ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে। যোৱা ১ অক্টোবৰত মডেল ৰাজকন্যাই মাজনিশা পঞ্চতাৰকা হোটলত পাৰ্টী কৰি ঘৰলৈ  উভতি অহাৰ সময়ত ৰুক্মিণীগাঁৱত ৰাজপথ মেৰামতি কৰি থকা ৯ জন শ্ৰমিকক খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰিছিল।  এই ঘটনাৰ পাছত নিজৰ দোষ স্বীকাৰ কৰাৰ বিপৰীতে ঘটনাস্থলীত উদ্ভণ্ডালি কৰাৰ লগতে ক্ষমতাশালী ব্যক্তিৰ সৈতে চিনাকী থকাৰ অজুহাতেৰে সেই স্থান ত্যাগ কৰাৰ চেষ্টা চলায় ৰাজকন্যাই। ইয়াৰ পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে ৩০৩১/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে যদিও গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা উকলি নৌযাওঁতেই জামিনত মুক্তি লাভ কৰে বিতৰ্কিত মডেলগৰাকীয়ে।  ৰাজকন্যাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত মন্তব্য কৰে। লগতে মন্ত্ৰী মহন্তই কয় যে সমগ্র বিষয়টো গৃহ বিভাগে চোৱাচিতা কৰি আছে। স্বাস্থ্য বিভাগক ৰাজকন্যা বৰুৱাৰ অসুস্থতা সম্পর্কত মেডিকেল ব’ৰ্ড গঠন কৰি পৰীক্ষা কৰিবলৈ দিয়ে। সেই অনুসৰি স্বাস্থ্য বিভাগে সকলো পৰীক্ষা কৰি তেওঁ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া ৰোগী নহয় বুলি জনোৱাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ জি এন আৰ চিত ভৰ্তি হোৱাৰ প্ৰসংগত মন্ত্রী মহন্তই কয় যে কোনো ৰোগীয়ে চিকিৎসালয়ত স্বেচ্ছাই ভর্তি হ’ব খুজিলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ভৰ্তি কৰাবও পাৰে। অৱশ্যে যিহেতু সমগ্র বিষয়টো গৃহ বিভাগে তদন্ত কৰি আছে, সেয়ে সকলো দিশ গৃহ বিভাগেহে চাব বুলি তেওঁ কয়।