কাব্যিক কথকতা – স্মৃতিৰেখা সোণোৱাল

pc- The Nature Conservancy

কাব্যিক কথকতা –

 

        হাঁহিবোৰ হেনো বাগৰি যায় । তুমি যি হাঁহি মাৰা , সেই হাঁহিৰ সুবাসত তোমাৰ প্ৰিয়জন উটি নাযায় , প্ৰিয়জনৰ মুখখন উজলি নুঠে । তোমাৰ হাঁহিটো কৃত্ৰিম নে প্ৰিয়জনৰ অভিব্যক্তিত তোমালোকৰ তিক্ততাখিনি উদং হৈ গৈছে ?
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

       নঙলা মুখত শৰৎ আৰু শাৰদীয় দুৰ্গা পূজা । কিছুদিন নষ্টালজিয়াই আমনি কৰিব । খাব , শুব নোৱাৰিম ।… …
দীপাৱলীত তুমি উৰুৱাই দিয়া হাইড্ৰ’জেন বেলুনটোও মোৰ চোতালত পৰিলহি । এয়া দুৰ্গা মায়ে বিৰহ বিহ্বল কৰিলে নে মিলন সেতু গঢ়িলে ?
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

        মৰমবোৰ জীয়াই থাকিবলৈকে লাগে , সম্বন্ধ গঢ়িবলৈ নহয় । পুৱাতে মেচেজ কৰি দিনটো কেনেকৈ পাৰ কৰিম , শুৱাৰ আগতে কি কি কৰিলোঁ , তাকে জানিবলৈ ইচ্ছুকজনৰ পৰাও জীয়াই থকাৰ প্ৰেৰণা পাব পাৰি ।
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

       অভিশাপে জীৱন দেই নিয়া আৰু আশীৰ্বাদত জীৱন উজলি উঠা দেখিছোঁ । কোনোবাই দিয়া বোবা যান্ত্ৰণাত চটফটাই বুকু ভেদি ওলোৱা নিশ্বাসবোৰেই জানো অভিশাপ নহয় ??
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

মানুহ কিমান কৃতজ্ঞ হ’ব পাৰে ? ধুমুহাত তচনচ হোৱা এখন হৃদয়ক কৈ উঠিব পাৰে – “তুমি মোক বহুত ভাল অনুভৱ দিছা । I Love You ।”
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

        লাজ নাৰীৰ আভৰণ নে পুৰুষৰো আভৰণ ? প্ৰথম প্ৰেমত পৰা ল’ৰাজনে ওৰে নিশা উজাগৰে থাকি প্ৰেয়সীৰ লগত কথা পাতি পুৱা চুচুক-চামাক কৈ ওলাই আহিছিল কিয় ?
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

        মৰমবোৰ পাহৰিব নোৱাৰি । মৰম পাহৰিব পাৰি । মূলত: কথা হ’ল – ব্যৱহাৰ । আপুনি দিয়া সমস্ত মৰম আপুনি কৰা ব্যৱহাৰৰ বাবে আপোনজনে পাহৰি পেলাবও পাৰে , তেতিয়া অতীতে আমনি নকৰে । ক্ষণিকৰ কাৰণে ভাবুক কৰি তুলিব পাৰে ।
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

       বহুত হেঁপাহৰ অন্তত যেতিয়া প্ৰথমবাৰ লগ পাইছিলোঁ , তেতিয়া এটাই পাৰ্থক্য আছিল – তেওঁৰ হাঁহিটো মুখত আছিল আৰু মোৰ হাঁহিটো বুকুত আছিল ।।
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

        মানুহ কিমান দূৰলৈ স্বাৰ্থপৰ হোৱাটো উচিত , সেয়া মই নাজানো । এগৰাকী ভগ্নীয়ে নিজ ভাতৃক কিমান মৰমত নিজৰ কিডনী এটা দি ভাতৃৰ প্ৰাণ বচাইছিল , সেয়া আজি বুজি পাইছোঁ ।
“বাহিৰলৈ নি এবাৰ চিকিৎসা কৰালে মই চাগে’ ভাল হৈ যাম !” সেউতীয়ে স্বামীক কৈ উঠিছিল ।
টকা-পইচাৰ অভাৱ আছিল । মাটি পোন্ধৰ বিঘামান আছিল । স্থানীয় চিকিৎসকৰ মুখত বেমাৰটোৰ নাম শুনি অসমৰ বাহিৰত চিকিৎসা কৰি পোন্ধৰ বিঘা মাটিক পাঁচ বিঘা কৰিব নিবিচাৰিলে । হায়ৰে ! কপাল !! হায়ৰে ! কেন্সাৰ !!
০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০ ০

 স্মৃতিৰেখা সোণোৱাল
শান্তিপুৰ , জিলিকনি চ’ক
নলবাৰী – ৭৮১৩৩৫
ফোন – ৯৮৫৪১২৪০২৩