আৰিয়ান খানৰ ফোন ফৰেনচিকলৈ প্ৰেৰণ
অনলাইন বাৰ্ত্তাসেৱা- প্ৰতিবেদন অনুসৰি মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত এনচিবিৰ জিম্মাত থকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে বিজ্ঞানৰ কিতাপবিলাক অনুৰোধ কৰিছিল যিবোৰ বিষয়াসকলে তেওঁক প্ৰদান কৰিছে। লগতে প্ৰতিবেদনত উল্লেখ কৰা হৈছে আৰ্যন আৰু অন্যান্য অভিযুক্ত ব্যক্তিৰ ফোন পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে। গোচৰটোত এতিয়ালৈকে মুঠ ১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।