শিল্পগ্ৰামৰ প্ৰেক্ষাগৃহত  ‘সেৱা আৰু সমৰ্পণ অভিযান’ কাৰ্যসূচী অনুষ্ঠানত  

pc- facebook

শিল্পগ্ৰামৰ প্ৰেক্ষাগৃহত  ‘সেৱা আৰু সমৰ্পণ অভিযান’ কাৰ্যসূচী অনুষ্ঠানত  

অনলাইন বাৰ্ত্তাসেৱা-  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি গুৱাহাটী পাঞ্জাবাৰীৰ শিল্পগ্ৰামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘সেৱা আৰু সমৰ্পণ অভিযান’ কাৰ্যসূচীৰ অংশস্বৰূপে ভাৰতীয় জনতা পাৰ্টি, অনুসূচিত জাতি মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত গুৱাহাটীৰ ৭১ গৰাকী কন্যা শিশুক আৰ্শীবাদ প্ৰদান অনুষ্ঠানত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা , বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা উপস্থিত থাকে। তেওঁলোকৰ লগতে এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি, অনুসূচীত জাতি মৰ্চাৰ অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰী  মুন স্বৰ্ণকাৰ, ভাৰতীয় জনতা পাৰ্টি, অনুসূচীত জাতি মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক সীমান্ত দাস , ৰাজ্যিক মুখপাত্ৰ  কিশোৰ উপাধ্যায় , ৰাজ্যিক উপ সভাপতি  জয়ন্ত কুমাৰ দাস , ৰাজ্যিক অনুসূচীত জাতি মৰ্চাৰ বিষয় ববীয়া সকলৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত চাফাই কৰ্মী সকলক সমাজৰ প্ৰতি তেওঁলোকে নিস্থা সহকাৰে আগবঢ়োৱা অৱদান বাবে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কন্যা শিশু সকলৰ লগতে মাতৃসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয়।