ৰঙিয়াৰ প্ৰায় ১৫০ বছৰীয়া ৰাজহুৱা পুখুৰী বেদখলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ

pc 123RF

ৰঙিয়াৰ প্ৰায় ১৫০ বছৰীয়া ৰাজহুৱা পুখুৰী বেদখলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ

অনলাইন বাৰ্ত্তাসেৱা – আমাক ন্যায় লাগে, ৰাজহুৱা পুখুৰী বেদখল কৰা নচলিব, ৰাজহুৱা পুখুৰী ৰাইজৰ সম্পত্তি, লাট মণ্ডল হুচিয়াৰ আদি শ্লোগানেৰে অঞ্চলটোৰ পুৰুষ-মহিলাসকলে ৰঙিয়াৰ প্ৰায় ১৫০ বছৰীয়া ৰাজহুৱা পুখুৰীটো বেদখল কৰিব বিচৰা লোকৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি পৰিৱেশ উত্তাল কৰি তোলা। ৰাইজে জানিবলৈ দিয়া মতে, বৰ্তমানৰ চাপনীয়া ৰাজহুৱা পুখুৰীটো গাঁৱৰে এজন লোকে ৰাইজলৈ বুলি দান দিছিল আৰু বৰ্তমান সময়ত ৰাইজৰ অভিযোগ মৰ্মে, ডেৰশ বছৰীয়া এই পুখুৰীটো ৰাইজৰ দখলত থকাৰ পিছতো মণ্ডলে গোপন বুজাবুজিৰে এটি পৰিয়ালক গতাব বিচাৰিছে। সেই সূত্রে ৰাইজে পুখুৰীটোত কেইবা দশকজুৰি মৎস্য পালন কৰি আহিছে। লগতে বিভিন্ন মাংগলিক কার্যতো ব্যৱহাৰ কৰি আহিছে। কিন্তু কিছুদিন পূর্বে ভূমি দান কৰা লোকজনৰ নাতি ল’ৰাই পুখুৰীটো তেওঁলোকৰ বুলি দাবী কৰি বেৰ দিয়ে। এই লৈ পৰিয়ালটোৰ লগত গঞা ৰাইজৰ সংঘাত হয়। ৰাইজে পুখুৰীটোৰ কাষত দিয়া বেৰ আদি আঁতৰাই দিয়ে। দান সূত্রে/পোৱা ৰাজহুৱা পুখুৰী দখল কৰিব অহা কার্যক ৰাইজে গৰিহণা দি পুখুৰীটোৰ পাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।