ইউ এছ টি এমৰ কালচাৰেল ফেষ্টৰ ফাইনেল অনুষ্ঠিত হয় ২ অক্টোবৰত

pc Northeast Now

ইউ এছ টি এমৰ কালচাৰেল ফেষ্টৰ ফাইনেল অনুষ্ঠিত হয় ২ অক্টোবৰত

অনলাইন বাৰ্ত্তাসেৱা – ইউনিভাৰ্ছিটী অৱ ছায়েন্স এণ্ড টেকনল’জী মেঘালয়ত এক প্রতিযোগিতামূলক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰি মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক উৎকর্ষ সাধনৰ বাবে বিশ্বস্তৰত গ্লোবেল কালচাৰ ফেষ্টিভেল অনুষ্ঠিত হয়। সংগীত আৰু নৃত্যৰ চূড়ান্ত ৰাউণ্ডৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ভাৰত তথা বাংলাদেশৰ মুঠ ২৩জন ছাত্ৰ-ছাত্ৰীয়ে। গায়ক ড° সংগীতা কাকতি আৰু জে পি দাস তথা নৃত্য বিশাৰদ বৰ্ণালী পূজাৰী আছিল মুখ্য বিচাৰক হিচাপে। বিশেষ অতিথি হিচাপে অনুষ্ঠানটিত উপস্থিত আছিল ভূপেন উজীৰ আৰু শান্তা উজীৰ। যোৱা জুলাই মাহৰ পৰা আৰম্ভ হোৱা এই অনলাইন প্রতিযোগিতাৰ মুঠ প্রতিযোগী আছিল ৩০০।