“দুখ “
ৰুমি ডেকা (ছিপাঝাৰ)
হেঁপাহ আৰু হুমুনিয়াহ
হয় বাৰেবণীয়া।
দুখবোৰে আমনি কৰে
স্বপ্নবোৰে চুপহি মেলে।
এৰা ক’ত বিচাৰি পাম সুখ ?
চাৰিওফালে দেখোন দুখ আৰু দুখ।
সুখ সুখ বুলি—
হাবাথুৰি খালো,
এৰা ক’তা, সুখ দেখোন বিচাৰিয়ে নাপালো।
সুখৰ সপোন দেখিবলৈ পালো,
কিন্তু, দিথকত পৰিণতহে কৰিব নোৱাৰিলো।
দুখৰ মাজতহে জীৱনটো পাৰ কৰিলো।
জীৱনৰ প্ৰতিটো খোজতে
দুখবোৰ জীপাল হৈ উঠে,
সুখবোৰলৈ হাত মেলিলে
নিলাজী লতাৰদৰে চুইদিলে
মৰহিয়ে যাবলৈ ধৰে।
পাম জানো সেউজীয়া পৃথিৱীৰ কোনোবা কোণত সুখক বিচাৰি ?
পাৰিম জানো আধৰুৱা জীৱনৰ স্বপ্নবোৰ দিথকত পৰিণিত কৰি সুখক আকোলি
নতুন জীৱন ধাৰণ কৰিবলৈ ?