ধলপুৰৰ ঘটনা সম্পর্কত ন্যায়িক তদন্ত ঘোষণা চৰকাৰৰ

pc The Sentinel Assam

 ধলপুৰৰ ঘটনা সম্পর্কত ন্যায়িক তদন্ত ঘোষণা চৰকাৰৰ

অনলাইন বাৰ্ত্তাসেৱা – গৃহ আৰু ৰাজনৈতিক বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এই তদন্তৰ ঘোষণা কৰিছে। আনহাতে, এই ঘটনাৰ সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত  বিশ্ব শৰ্মাই কয় যে উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষীৰ ওপৰত দা-যাঠী-জোং লৈ আক্ৰমণ কৰা হৈছে। তাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিবলগীয়া হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে আৰক্ষীক ধলপুৰৰ বেদখলীকৃত ভূমি উচ্ছেদৰ দায়িত্ব দিয়া হৈছে। আৰক্ষীয়ে উচ্ছেদ চলাই সেই অঞ্চল উদ্ধাৰ কৰিব। আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব। এই দিনটোত উচ্ছেদ অভিযান সম্পূৰ্ণ নহ’লে কাইলৈ পুনৰ উচ্ছেদ চলিব বুলি প্রকাশ কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। ইপিনে মঙলদৈৰ সাংসদ দিলীপ কুমাৰ শইকীয়াই আজি ঘটনাস্থলী পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে অঞ্চলটোত শিল নাই। কিন্তু তাত ডাঙৰ ডাঙৰ শিল মজুত কৰি আৰক্ষীৰ ওপৰত আক্ৰমণৰ সময়ত সেই শিলগুটি, দা, জোং ৰাঠী আদি ব্যৱহাৰ কৰে। অতি পৰিকল্পিতভাৱে আক্ৰমণকাৰীসকলে একত্ৰিত হৈ আছিল।