ছেভ ভৰলু মিছন আৰম্ভ

Pc- East mojo

ছেভ ভৰলু মিছন আৰম্ভ

অনলাইন বাৰ্ত্তাসেৱা–  মহানগৰীত বসবাস কৰা একাংশ সচেতন লোকে আৰম্ভ কৰিছে ছেভ ভৰলু মিছন। ভৰলু নৈৰ প্ৰদূষণ ক্রমান্বয়ে বৃদ্ধি পোৱাত নৈখনত জৈৱ-বৈচিত্র্য নিঃশেষ হৈ যায়। প্ৰদূষিত ভৰলু নৈত বৰ্তমান এটাও মাছ কাছকে ধৰি অন্যান্য জল জীৱৰ কোনো অস্তিত্বই বিচাৰি পাবলৈ নাই। আশীৰ দশকৰ ভৰলু নৈৰ ৰূপ পূৰ্বৰ দৰে ঘুৰাই অনাৰ বাবে এই মিছন আৰম্ভ। এই মিছনৰ প্ৰধান লক্ষ্য হৈছে মহানগৰীত বসবাস কৰা লোকসকলৰ মাজত জনসচেতনতা বৃদ্ধি কৰি ভৰলু নৈখন পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা। গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি ছেভ ভৰলু মিছনৰ আহ্বায়ক ডাঃ ৰবীন মজুমদাৰ, অমিয় কুমাৰ ডেকা, ৰবীন কলিতা, সীমাৰেখা দেৱী, গোবিন্দ প্ৰসাদ শর্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে জনসাধাৰণক ভৰলু নৈখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ আহ্বান জনায়।