ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত কʼভিড প্ৰটʼকল মানি দশম শ্ৰেণীৰ পাঠদান আৰম্ভ

pc- India Tv News

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত কʼভিড প্ৰটʼকল মানি দশম শ্ৰেণীৰ পাঠদান আৰম্ভ

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী হাইস্কুল, আৱাসিক বিদ্যালয় আৰু দিবা বʼডিং শিক্ষানুষ্ঠানত কʼভিড প্ৰটʼকল মানি পাঠদান আৰম্ভ হʼব। ৰাজ্য চৰকাৰে দশম শ্ৰেণীৰ পাঠদানৰ বাবে এছ অʼ পি জাৰি কৰছে। এছ অʼ পি অনুসৰি প্ৰতিটো শ্ৰেণীকোঠাত ৩০জনকৈ শিক্ষার্থী লৈহে পাঠদান আৰম্ভ কৰিব পাৰিব। বিদ্যালয়সমূহে অতিৰিক্ত শিক্ষার্থীৰ বাবে অতিৰিক্ত শাখাৰ ব্যৱস্থ কৰিব লাগিব৷ এছ অʼ পিত উল্লেখ কৰা অনুসৰি জিলাসমূহৰ ক’ভিড পজিটিভিটীৰ হাৰ ২ শতাংশৰ তলত থকাৰ বাবেহে দশম শ্রেণীৰ পাঠদান পুনৰ মুকলি কৰিবলৈ লোৱা হৈছে। যদিহে কোনো জিলাৰ পজিটিভিটীৰ হাৰ এটা নির্দিষ্ট দিনত ২ শতাংশৰ ওপৰত যায়, তেন্তে উপায়ুক্তই এন এইচ এমৰ অভিযান সঞ্চালকৰ সৈতে আলোচনা কৰি পজিটিভিটীৰ হাৰ ২ শতাংশৰ তললৈ নহা পর্যন্ত শিক্ষা প্রতিষ্ঠানসমূহ বন্ধ ৰাখিব পাৰিব। পাঠদানৰ পূৰ্বৰ তিনিটা দিন শিক্ষক আৰু কৰ্মচাৰীসকলক প্ৰতিষেধক প্ৰদানৰ বাবে বিদ্যালয়সমূহ খোলাৰ অনুমতি দিয়া হৈছে। তদুপৰি সকলো শিক্ষানুষ্ঠানে প্ৰথমৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইনযোগে পাঠদান অব্যাহত ৰাখিব লাগিব। কৰ্তব্যত যোগদান কৰাৰ পূৰ্বে সকলো শিক্ষক-কর্মচাৰীৰ লগতে হোষ্টেলৰ অধীক্ষক, ৰান্ধনী আদিয়ে প্রতিষেধক লোৱাটো বাধ্যতামূলক। বিদ্যালয়সমূহে প্রতিষেধকৰ তথ্য সম্বলিত এটা ৰেজিষ্টাৰ বহী প্ৰস্তুত কৰি প্ৰতি ১৪ দিনৰ অন্তৰে অন্তৰে সেয়া ৰাজহ চক্ৰ বিষয়াৰ ওচৰত জমা দিব লাগিব। দশম আৰু দ্বাদশ শ্রেণীৰ বহু শিক্ষার্থীয়েই ১৮ বছৰৰ অনূর্ধ্বৰ বাবে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোক শ্ৰেণীত উপস্থিত থকাৰ সময়ত বিশেষ ব্যৱস্থা লোৱাৰ লগতে বিদ্যালয় কর্তৃপক্ষই কʼভিড বিধি কঠোৰভাৱে বলৱৎ কৰিব লাগিব। মাস্ক আৰু ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক। সেইদৰে শ্ৰেণীকোঠাত সামাজিক ব্যৱধান বাধ্যতামূলক। শ্ৰেণীকোঠাৰ বাহিৰে ভিতৰে ন্যূনতম ৬ ফুট ব্যৱধান নিশ্চিত হʼব লাগিব। সেইদৰে বিদ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ শৰীৰৰ উত্তাপ প্ৰতিদিনে জুখিব লাগিব। লগতে ছাত্ৰ- ছাত্ৰীয়ে পিতৃ-মাতৃ তথা অভিভাৱকৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ দাখিল কৰিহে বিদ্যালয়লৈ আহিব পাৰিব।