আমাৰ সাজপাৰ- জ্যোতিৰেখা বৰঠাকুৰ

pc- depositphotos

আমাৰ সাজপাৰ

জ্যোতিৰেখা বৰঠাকুৰ
দেৰগাঁও

সাজ পোছাক হল আমাৰ দেহৰ আভূষণ। লাজ নিবাৰণৰ উপৰিও সাজ পোছাকে শীত তাপৰ পৰা আমাৰ দেহক ৰক্ষা কৰে। বিভিন্ন ঠাইৰ মানুহৰ সাজ -পোছাক ভিন্ন ভিন্ন। আমাৰ পিন্ধা পোছাক যোৰে আমাৰ ব্যক্তিগত মানষিকতাৰ পৰিচয় দিয়ে । নিজৰ সুবিধা অনুযায়ী কোনে কেনেকোৱা ধৰণৰ পোছাক পৰিধান কৰে ব্যক্তি জনৰ মনৰ কথা। পিন্ধন উৰণৰ পৰা এজন ব্যক্তিৰ ৰুচি বোধৰ পৰিচয় পোৱা যায়। সাজ পোছাক পৰিধান কৰাতো ব্যক্তি জনৰ নিজৰ ব্যক্তিগত কথা যদিও সমাজত বসবাস কৰা ব্যক্তি হিচাপে আমি সমাজ খনৰ প্রতিও লক্ষ্য ৰাখিব লাগে যিহেতু আমাৰ সাজ পাৰে আমাৰ সভ্যতা , সংস্কৃতিৰ পৰিচয় দিয়ে । নামঘৰ, শিক্ষা অনুষ্ঠান, আৰু ৰাজহুৱা স্থানত পিন্ধা পোছাক যোৰ বজাৰ সমাৰ, গাড়ী মটৰত, উঠি ফুৰিবলৈ যোৱা পোছাক যোৰৰ দৰে একে হব নালাগে। সামৰণিত ইয়াকে কব বিচাৰো যে আমাৰ অভিভাবকসকলে উঠি অহা নিজৰ লৰা -ছোৱালীক সৰুৰে পৰা পঢ়া -শুনাৰ লগতে আচাৰ -ব্যৱহাৰ , সাজ পাৰ পৰিধানৰ শিক্ষা দিব লাগে যাতে আমাৰ সমাজ খনৰ পৰিবেশ সুস্থ হৈ থাকে।