এন আৰ এলৰ ২৮সংখ্যক বার্ষিক সাধাৰণ সভা অনুষ্ঠিত

pc- The Sentinel Assam

এনআৰএলৰ ২৮সংখ্যক বার্ষিক সাধাৰণ সভা অনুষ্ঠিত

অনলাইন বাৰ্ত্তাসেৱা- নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল) ৰ ২৮সংখ্যক বার্ষিক সাধাৰণ সভাখন কোম্পানীটোৰ গুৱাহাটীস্থিত কʼর্পোৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়। এন আৰ এলৰ অধ্যক্ষ আৰু অইল ইণ্ডিয়া লিমিটেড (অইল)ৰ চি এম ডি এছ চি মিশ্রই সভাপতিত্ব কৰা বাৰ্ষিক ‘সাধাৰণ সভাখনত এন আৰ এলৰ এম ডি এছ কে বৰুৱা আৰু এন আৰ এল বোৰ্ডৰ অন্য সদস্যসকলৰ লগতে কোম্পানীটোৰ শ্বেয়াৰ হল্ডাৰসকলে অংশগ্ৰহণ কৰে।কোম্পানীটোৱে বিত্তীয় বৰ্ষ ২০২০-২১ৰ সময়ছোৱাত ৩৭.৫ শতাংশৰ সৰ্বাধিক লাভাংশ প্রতি ১০ টকাৰ ৩৭.৫ প্রতি পূৰ্ণ ই কুইটী শ্বেয়াৰৰ ঘোষণা কৰে। ২০২০-২১ বিত্তীয় বৰ্ষৰ মুখ্য তাৎপর্যপূর্ণ দিশ আছিল ২৫ মাৰ্চত স্বাক্ষৰিত শ্বেয়াৰ ক্ৰয় চুক্তিৰ মাধ্যমেৰে মেজৰিটী ইকুইটি শ্বেয়াৰ হ’ল্ডিঙৰ জৰিয়তে অইলে হ’ল্ডিং কোম্পানীৰূপে এন আৰ এলৰ মালিকীস্বত্ব গ্ৰহণ কৰা। এই ঐতিহাসিক উন্নয়নৰ বিষয়ে এন আৰ এলৰ অধ্যক্ষ তথা অইলৰ চি এম ডি এছ চি মিশ্রই কয়, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এন আৰ এল আৰু অইলৰ মাজত হোৱা অংশীদাৰিত্বই সুন্দৰ সমন্বয়ৰে আগবাঢ়িব আৰু ৰাষ্ট্ৰৰ শক্তি সুৰক্ষা নিশ্চিত কৰা তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াব।