প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি সভা অনুষ্ঠিত

pc- Facebook

প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি সভা অনুষ্ঠিত

অনলাইন বাৰ্ত্তাসেৱা- বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ অতিথিশালাত ২২ আৰু ২৩ ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰ তাৰিখ লৈ ‘সেৱা আৰু সমৰ্পন অভিযান’ কাৰ্যসূচী সম্পৰ্কে গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়া সকলৰ লগত এখন প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰে। এই সভাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা আৰু ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়া  লগতে গুৱাহাটী মহানগৰ জিলাৰ বিষয় ববীয়া, বেজেৰা, শুৱালকুছি, জালুকবাৰী মণ্ডলৰ সভাপতি সকল আৰু দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে। উক্ত সভাত কেন্দ্ৰীয় নেতৃত্বতৰ নিৰ্দেশ মৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সেৱা মূলক কাৰ্যসূচী সফল ভাৱে ৰূপায়ণ কৰি তোলাৰ প্ৰস্তুতি সম্পৰ্কে জিলা,মণ্ডলৰ বিষয় ববীয়া সকল লগত আলোচনা কৰে।