কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা–  “বিটিআৰ ওদালগুৰি জিলাৰ ৬৪ নং পানেৰি বিধান সভা সমষ্টিৰ টংলা থানাৰ অন্তৰ্গত দাৰোগাখাট কলবাৰী গাঁওৰ মিলনজ্যোতি সংঘৰ উদ্যোগত ২০২০-২১ বৰ্ষৰ দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়। উল্লেখ্য যে ১৯৮৫ চনত স্থাপিত কৰা সংঘটিৰ উদ্যোগত বিগত আঠ বছৰে দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আৰু অধিক উৎসাহ আৰু উদ্দিপনা যগোৱাৰ উদ্দশ্যৰে যোৱা ২০১২ চনৰ পৰাই সম্বৰ্ধনা ও গৃষ্মবন্ধত বিনামূলীয়া পাঠদান কৰি আহিছে। যাৰ পৰিপেক্ষিতত এইবাৰো মিলজ্যোতি সংঘই মাহামাৰী কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি পটাকা উত্তোলন, গচপুলি ৰোপন, স্মৃতি তৰ্পন, শিশু সকলৰ খেল প্ৰতিযোগীতাৰ লগতে, কলবাৰী গাঁ‌ৱৰ প্ৰায় আঠ গৰাকীকৈ ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লক্ষ্যৰে মিলনজ্যোতি সংঘৰ উদ্যোগত নৱম বাৰ্ষিক সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্টুপীয়া অনুষ্ঠিত কৰা দেখা যায়। কলবাৰী গাওঁ পৰিচালনা সমিতিৰ সভাপতি গোপালচন্দ্ৰ ৰাভাই সঞ্চালনা কৰা মুকলি সভাখনত উপস্থিত থাকে ক্ৰমে, “”মিলনজ্যোতি সংঘৰ উপদেষ্টা ঘনকান্ত ৰাভা। ভেৰগাঁ‌ও মহাবিদ্যালয়ৰ শিক্ষা বিষয়ৰ প্ৰৱক্তা চন্দনা ৰাভা। ওদালগুৰি জিলা পটঞ্জুলি য়োগ পীঠৰ সম্পাদক মাঘোৱা ৰাভা,  প্ৰাক্তন বগপুৰি ভিচিডিচিৰ চিয়াৰমেন নমাই ৰাহাং ৰাভা, কলবাৰী মিলনজ্যোতি সংঘৰ বিষয়ববীয়াসহ । টংলা মৌ গাওঁ মিলন হাইস্কুলৰ প্ৰধান শিক্ষক গনেশ শৰনীয়াই উপস্থিত থাকি কয় যে শিক্ষাই হৈছে মানুহৰ জীৱন, শিক্ষাই অন্ধকাৰ জীৱনৰ অজ্ঞানতা দূৰ কৰি পোহৰ দিয়ে, শিক্ষাই হৈছে যিৱন জোৰা পক্ৰীয়া সেয়েহে, এজন সুনাগৰীকৰ ভৱিষ্যৎ শিক্ষাইহে সুনিশ্চিত কৰে গতিকে এজন লৰা বা ছোৱালী শিক্ষিত কৰিবলৈ হলে ছাত্ৰ জনৰ লগতে পিতৃ মাতৃৰো গুৰু দায়িত্ব থাকিব লাগে বুলি মন্তব্য দাঙি ধৰে।