ডিমাকুছিত ভয়ংকৰ ঘটনা  পুত্ৰই কুঠাৰৰে ঘপিয়াই হত্যাৰ চেষ্টা নিজ পিতৃক

pc- Kalinga TV

ডিমাকুছিত ভয়ংকৰ ঘটনা  পুত্ৰই কুঠাৰৰে ঘপিয়াই হত্যাৰ চেষ্টা নিজ পিতৃক

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলাৰ ডিমাকুছিত এক ভয়ংকৰ ঘটনা। নিজ জন্মদাত্ৰী পিতৃক সুৰামগ্ন পুত্ৰয়ে কুঠাৰৰে ঘপিয়াই হত্যাৰ চেষ্টা। উল্লেখ্য যে ওদালগুৰি জিলাৰ ডিমাকুছি ২ নং বাগানটাৰিৰ নিবাসী ৰবিন্দ্ৰ বেজবৰুৱা (৪৫) য়ে সুৰামগ্ন মাতাল পুত্ৰ (১৮)যতিন বেজবৰুৱাক অত্যাধিক মদক দ্ৰব্য সেৱন কৰাৰ মানা কৰিছিল। যাৰ পৰিপেক্ষিতত আজি ১২ছেপ্তেম্বৰত নিশা ৮ মান বজাত মাতাল পুত্ৰ যতিন বেজবৰুৱাই পিতৃ ৰবীন্দ্ৰ বেজবৰুৱাক কুঠাৰৰে ঘপিয়াই পলায়ন কৰে। এতিমধ্যে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপষ্টিত হয় সংকতজনক অৱস্থাত পিতৃ ৰবীন্দ্ৰ বেজবৰুৱাক উদ্ধাৰ কৰি টংলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘাটক পুত্ৰ যতিন বেজবৰুৱা বৰ্তমান পলাতক আৰু অত্যাধিক মদক দ্ৰৱ্য সেৱনৰ ফলত এনে ঘটনা সংঘটিত হৈছে বুলি ডিমাকুছি আৰক্ষীয়ে জানিব দিয়ে।