মহানগৰীৰ সাতগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

মহানগৰীৰ সাতগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ সাতগাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত ৬টাকৈ বাসগৃহ ভস্মীভূত হৈছে।  এই  বিধ্বংসী অগ্নিকাণ্ডত দুটাকে গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে।  উল্লেখ্য যে, সোণাই মিকিৰ পথৰ প্ৰবীণ ৰংপীৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। ৬টা ঘৰত ভাৰাতীয়া হিচাপে থকা ছয়টা পৰিয়ালৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়। ঘৰৰ ভিতৰত থকা বিদ্যুতৰ তাঁৰৰ পৰা জুইৰ সূত্রপাত হয়। দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰে।  অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়। ইপিনে সাতগাঁও আৰক্ষী,অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই। সাতগাওঁ থানাৰ আৰক্ষীৰ লোক ঘটনা স্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপনৰ চেষ্টা কৰে।  প্ৰায় এঘণ্টা পাছত জুই নুমাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ীয়ে। এই অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়। শ্বট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অগ্নি নির্বাপক বাহিনীয়ে সন্দেহ কৰিছে।