ডিমৰুগুৰিবাসীৰ চকুলো
দেৱাশীষ গোস্বামী, ৰঙিলী বাৰ্ত্তাসেৱা- ফটোৱে কথা কয়, ওপৰৰ ফটো কেইখনে নিজেই ব্যক্ত কৰিছে অন্তৰ্নিহিত সাৰ-মর্ম। নগাৱৰ অতি বেছি গুৰুত্বপূর্ণ এই পথটিয়েই স্কুল, কলেজ, আফিছ- কাছাৰি, Stadium, বজাৰ সমাৰৰ মূল সংযোগী পথ। পিছে নিতৌ হাজাৰ হাজাৰ মানুহৰ, গাড়ীৰ ভৰ সহি সহি আজি তথৈব অৱস্থাৰে পথটি যথেষ্ট বিপদ জনক হৈ পৰিছে। যিকোনো সময়তে ভয়ংকৰ দুর্ঘটনাৰ কাৰক হৈ পৰিব পৰা উক্ত পথটি বহুত দিনৰে পৰা এনেদৰে ৰৈ যোৱাৰ ৰহস্য সৰ্বসাধাৰণৰ বাবে এক অবুজ সাঁথৰ। কটা ঘাঁত মলম বেণ্ডেজ লগোৱাৰ দৰে উক্ত পথটি কাৎচিত মেৰামতি কৰা দেখা যায় যদিও তেনে ক্ষণস্থায়ী। বিকাশৰ ঢৌত প্ৰায় সকলোখিনি উটি ভাঁহি যোৱাৰ সময়ত জৰাজীৰ্ণ পথটোত জমা হৈ থকা পানীখিনি যেন ডিমৰুগুৰিবাসীৰ চকুলেহে।সচেতন ৰাইজ অতি শীঘ্ৰে ডিমৰুগুৰিৰ অনিল শইকীয়া পথৰ সমীপৰ বাজাজ ডিলাৰঅৰ সন্মুখৰ উক্ত পথছোৱাই কাৰোবাৰ প্ৰাণ কাঢ়ি নিয়াৰ পূৰ্বেই স্থায়ী সমাধানৰ অপেক্ষাত।
