আদ্যাশক্তি দেৱী দুৰ্গাৰ মাহাত্ম্য আৰু দূৰ্গা পূজা – অলকা বুজৰ বৰুৱা

আদ্যাশক্তি দেৱী দুৰ্গাৰ মাহাত্ম্য আৰু দূৰ্গা পূজা

অলকা বুজৰ বৰুৱা
টিহু টাউন

যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা
নমস্তসৈ: নমস্তসৈ: নমস্তসৈ: নমো নম:।

ঋতুৰ ৰাণী শৰৎ। এই সময়ত প্ৰকৃতি ৰঙে ৰূপে মোহনীয়া হৈ পৰে। কঁহুৱা ফুলে, নিয়ৰত দুবৰি তিতে,বতাহত বিয়পি পৰে শুভ্ৰ শেৱালিৰ সুবাস। এনে সময়তে ধৰাৰ বুকুলৈ নামি আহে দুৰ্গতি নাশিনী আদি শক্তি দেৱী দুৰ্গা। অসমৰ আকাশ বতাহ মুখৰিত হৈ পৰে দেৱী বন্দনাৰে শংখ ঘন্টাৰ মধুৰ ধ্বনিৰে। পুৰণি কালৰে পৰাই ভাৰতত মানুহৰ আশা -আকাংক্ষা পুৰণৰ হেতু বিভিন্ন দেৱ-দেৱীৰ পূজা -অৰ্চনা চলি আহিছে।তেনে এক পূজা হ’ল দুৰ্গা পূজা। দুৰ্গা পূজা অসম তথা ভাৰতৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ।

হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী হ’ল দুৰ্গা। পুৰাণৰ মতে যিয়ে দুৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভৱ তেওঁৱেই দুৰ্গা। শাক্ত ধৰ্মী লোক সকলৰ বাবে দুৰ্গা সৰ্বোচ্চ আৰাধ্য দেৱী। বৈষ্ণৱ ধৰ্মত তেওঁক বিষ্ণুৰ অনন্ত মায়া আৰু শৈৱ ধৰ্মত শিৱৰ অৰ্ধাংগিনী হিচাবে আখ্যা দিয়া হৈছে।দুৰ্গাৰ বিভিন্ন অৱতাৰ সমূহ হ’ল কালিকা,নন্দা,ভ্ৰামৰী,সকম্ভৰী,সতী,পাৰ্বতী আদি। তেওঁৰ অন্যান্য নামসমূহ হ’ল -চণ্ডিকা,যোগমায়া,অম্বিকা, বৈষ্ণৱী , নাৰায়ণী,মহামায়া আদি।

দুৰ্গা শব্দৰ বিশ্লেষণ কৰিলে এইকেইটা অৰ্থ জনা যায়।দ=দৈত্য নাশ, ঊ-কাৰ= বিঘ্ননাশক, ৰেফ-কাৰ= ৰোগনাশক, গ=পাপনাশক আৰু আ-কাৰ=ভয় তথা শত্ৰু নাশক। অৰ্থাৎ দৈত্য,বিঘ্ন,ৰোগ পাপ আৰু শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে তেওঁৱেই দুৰ্গা।দেৱী দুৰ্গা আদি শক্তি।ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱে এই দেৱীৰ শক্তিৰে সৃষ্টি ,পালন আৰু সংহাৰ কৰে।

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসব দুৰ্গাপূজা।প্ৰকৃতিক ৰং ৰূপেৰে সজাই মোহনীয়া কৰি তোলা দুই ঋতু ক্ৰমে শৰৎ আৰু বসন্ত ঋতুতেই দুৰ্গা দেৱীৰ পূজা-অৰ্চনা কৰা হয়।শাস্ত্ৰ অনুসৰি আহিন মাহৰ শুক্লপক্ষত আৰু চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা অনুষ্ঠিত হয়। চ’ত মাহত বসন্ত কাল হয়,সেয়েহে এই সময়ত হোৱা দূৰ্গা পূজাক বাসন্তী পূজা বোলে।আনহাতে আহিন মাহত শৰৎ কাল হয় বাবে এই সময়ত হোৱা দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা বুলি জনাজাত।

আহিন মাহৰ শুক্ল পক্ষৰ প্ৰথমা তিথিৰ পৰা আৰম্ভ কৰি পূৰ্ণিমাৰ দিনালৈ এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়।পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা দেৱীপক্ষৰ সূচনা হয়। ইয়াক মহালয়া নামে জনা যায়।পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজাৰ লগত দেৱীপক্ষৰ অন্ত পৰে।পুৰাণৰ মতে সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয়। মুনিৰ পৰামৰ্শ মতে ৰজাই মধুময় বসন্তৰ পৰিবেশত দুৰ্গাপূজা অনুষ্ঠিত কৰি দেৱীৰ আশীষ লৈ শত্ৰুক পৰাস্ত কৰি ৰাজ্য উদ্ধাৰ কৰে।তেতিয়াৰ পৰাই বসন্ত কালত অনুষ্ঠিত হোৱাৰ বাবে এই পূজা বাসন্তী পূজা নামে অভিহিত হয়।

কৃত্তিবাসী ৰামায়ণৰ মতে ত্ৰেতা যুগত শ্ৰী ৰামচন্দ্ৰই ৰাৱণ বধৰ বাবে শক্তি লাভ কৰিবলৈ অকালতে শৰৎ কালত দুৰ্গাপূজাৰ আয়োজন কৰে।সেই সময়ৰ প্ৰচলিত পূজাবিধিৰ ব্যতিক্ৰম ঘটাই অকালতে পতা বাবে ইয়াক অকালবোধন আৰু শৰৎকালত পতা বাবে শাৰদীয় দুৰ্গাপূজা ৰূপে জনাজাত হয়।

দুৰ্গাপূজা চাৰিদিন পালন কৰাৰো তাৎপৰ্য আছে।কথিত মতে,হিমালয়ৰ কন্যা উমাই(দুৰ্গাই) বিবাহৰ বহুবছৰ পিছত মাত্ৰ তিনিদিনৰ বাবে পতি গৃহৰ পৰা মাতৃ গৃহলৈ আহিছিল।আৰু মাতৃ মেনকাক কন্দুৱাই চতুৰ্থ দিনাই পুনৰ স্বামীগৃহলৈ গমন কৰিছিল।সেয়েহে পূজাৰ চতুৰ্থ দিনৰ দিনা দেৱী বিসৰ্জন দিয়া হয়।

হিন্দু সকলে ভক্তি সহকাৰে ৯ দিনীয়াকৈ পালন কৰে নৱৰাত্ৰি।এই উৎসৱক বিশেষকৈ নাৰী শক্তিৰ উৎসৱ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিৰ ন টা দিনত সম্পূৰ্ণ সাত্বিকতাৰে দুৰ্গাৰ ন টা ৰূপৰ পূজা কৰা হয়।পৰ্বতৰাজ হিমালয়ৰ কন্যা হিচাবে দেৱীৰ প্ৰথম পৰিচয় ‘শৈলপুত্ৰী’ ৰূপে।এই ৰূপত দেৱী বৃষভৰ ওপৰত অধিষ্ঠিত। তেওঁৰ সোঁহাতত থাকে ত্ৰিশূল আৰু বাওঁহাতত পদুমফুল। দ্বিতীয়তে,যিটো ৰূপত দেৱীয়ে শিৱক পাবৰ বাবে তপস্যা কৰিছিল সেয়া হ’ল ‘ব্ৰহ্মচাৰিণী’। দেৱীৰ এই ৰূপ জ্যোতিৰ্ময়।এই ৰূপত দেৱীৰ সোঁহাতত জপমালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। তৃতীয় দিনা দেৱীৰ পূজা কৰা হয় ‘চন্দ্ৰঘন্টা’ ৰূপত।এই ৰূপত দেৱী দশভূজা আৰু বাহন সিংহ। দেৱীৰ চতুৰ্থ দিনৰ পূজা ‘কুশমাণ্ডা’ ৰূপত। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ শক্তি অৰ্জন কৰাৰ পিছত দেৱীয়ে এই নাম পাইছিল।পঞ্চম দিনা কাৰ্তিকৰ মাতৃ ‘স্কন্দমাতা’ ৰূপে দেৱীপূজা কৰা হয়।এই ৰূপত দেৱীক শিশু স্কন্দ অৰ্থাৎ কাৰ্তিকক কোলাত লৈ থকা দেখা যায়। দেৱীৰ ষষ্ঠ ৰূপ ‘কাত্যায়নী’ আৰু সপ্তম ৰূপ’ কালৰাত্ৰি’। কালৰাত্ৰি ৰূপত দেৱী ত্ৰিনয়নী। তেওঁৰ তিনিওটা চকুৰ পৰা সকলো সময়তে বিদ্যুতৰ দৰে ৰশ্মি বিকিৰণ হৈ থাকে। দেৱীক অষ্টম দিনা’ মহাগৌৰী’ আৰু নৱমীৰ দিনা ‘সিদ্ধিদাত্ৰী’ ৰূপত পূজা কৰা হয়।

দেৱতাসকলক অসুৰৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰাৰ অৰ্থে দেৱতা সকলে দেৱী দুৰ্গাক নিজৰ নিজৰ ৰক্ত দি সৃষ্টি কৰিছিল, অস্ত্ৰ দি শক্তিশালী কৰিছিল আৰু আভূষণ আৰু অলংকাৰেৰে সজ্জিত কৰি অপূৰ্ব কৰি তুলিছিল। পুৰাণৰ মতে, চাৰিওফালৰ পৰা অসুৰৰ আক্ৰমণ প্ৰতিহত কৰাৰ অৰ্থে দেৱীৰ দহখন হাতৰ সৃষ্টি।দেৱীৰ দহখন হাতত দহবিধ অস্ত্ৰ বিৰাজমান আৰু এইবোৰৰ নিজা নিজা তাৎপৰ্য আছে।

দেৱীৰ বাঁওহাতত থকা গদা হ’ল আনুগত্যৰ প্ৰতীক।মহিষাসুৰৰ নিধনৰ বাবে ধৰ্মৰাজে দুৰ্গাৰ হাতত এই অস্ত্ৰ প্ৰদান কৰিছিল। পদুম ফুল, অক্ষমালা আৰু কমণ্ডলু প্ৰদান কৰিছিল প্ৰজাপতি ব্ৰহ্মাই। পদুম ফুল পোহৰৰ প্ৰতীক। অক্ষমালা আৰু কমণ্ডলু পবিত্ৰতাৰ প্ৰতীক। ভগৱান বিষ্ণুই দেৱীক দিছিল সুদৰ্শন চক্ৰ। এই চক্ৰ দেৱীৰ সোঁহাতত থাকে।সুদৰ্শন চক্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক। জগতত শান্তি প্ৰতিষ্ঠা তথা অশুভ শক্তিৰ বিনাশৰ বাবে এই চক্ৰৰ সৃষ্টি। দেৱীৰ বাঁওহাতত থকা শংখ জাগৰণৰ প্ৰতীক। এই শংখ দেৱীক প্ৰদান কৰে বৰুণদেৱে। যুদ্ধ জয় কৰা বা লক্ষ্য স্থিৰ তথা লক্ষ্য ভেদৰ অস্ত্ৰ হিচাপে পৱনদেৱে দেৱীক প্ৰদান কৰে ধনুৰ্ব্বাণ। নাগৰাজে প্ৰদান কৰা দেৱীৰ হাতত থকা সৰ্প বা নাগপাশ বিশুদ্ধ চেতনাৰ প্ৰতীক। আসুৰিক প্ৰবৃত্তিৰ বিনাশ আৰু বিশুদ্ধ চেতনাৰ বিকাশৰ ৰূপত দেৱীৰ হাতত নাগপাশে শোভা বৰ্ধন কৰে।

দেৱৰাজ ইন্দ্ৰই দেৱীক প্ৰদান কৰে বজ্ৰ।বজ্ৰ দৃঢ়তা আৰু সংহতিৰ প্ৰতীক। দেৱী দুৰ্গাৰ হাতত প্ৰধান অস্ত্ৰ হিচাপে দেখা যায় ত্ৰিশূল। ত্ৰিশূলৰ তিনিটা জোঙা তীক্ষ্ণ অংশৰ অৰ্থ বেলেগ বেলেগ। শাস্ত্ৰমতে ত্ৰিশূল ত্ৰিগুণৰ প্ৰতীক। সেইবোৰ হ’ল সত্ত্ব, ৰজঃ আৰু তমঃ।ত্ৰিশূলৰ মাজৰ জোঙা অংশটো সত্ত্ব আৰু বাকী দুটা ৰজঃ আৰু তমঃ গুণবিশিষ্ট। ত্ৰিশূল স্পৰ্শ কৰিলে এই তিনি গুণৰ পৰা মুক্তি লাভ কৰিব পাৰি।দেৱাদিদেৱ মহাদেৱে এই ত্ৰিশূল দেৱী দুৰ্গাক প্ৰদান কৰিছিল।

ইয়াৰ উপৰিও সূৰ্য দেৱতাই সোণবৰণীয়া শৰীৰ, বিশ্বকৰ্মাই দুৰ্ভেদ্য কবচ-কুণ্ডল আৰু অক্ষয় বস্ত্ৰ,হিমালয়ে বাহন স্বৰূপে সিংহ আদি প্ৰদানেৰে দুৰ্গাক অপূৰ্ব তথা বলীয়ান কৰি তুলিছিল। পুৰাণৰ মতে, সৃষ্টিৰ সময়ত পৃথিৱী জলমগ্ন আছিল আৰু তেতিয়া বিষ্ণুই সাগৰতলীত এটি শংখ ৰূপে অৱস্হান কৰিছিল। এই শংখৰ দ্বাৰাই দেৱীয়ে মহিষাসুৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।

অসমত পুৰণি কালৰে পৰাই দুৰ্গা পূজাৰ প্ৰচলন আছিল। দুৰ্গাৰ আদি ৰূপ আছিল আদিম দেৱী বনদুৰ্গা। সেয়েহে আজিও এই বনদুৰ্গাক মণ্ডপৰ একাষে কাপোৰেৰে মেৰিয়াই কলগছ ৰূপী দেৱীৰূপে পূজা কৰা হয়।

বৰ্তমানৰ শৰৎকালৰ এই দেৱী পূজাৰ প্ৰচলন কৰাৰ মৌলিক ধাৰণাটো সোতৰ শতিকাৰ বংগীয় মূলৰ কবি কৃত্তিবাসৰ ৰামায়ণত প্ৰক্ষিপ্ত কৰা হৈছিল। ইয়াৰ ঠিক পিছতেই বংগৰ কৃষ্ণ চন্দ্ৰ মহাৰাজে প্ৰথম ৰাজহুৱা ভাৱে দুৰ্গা পূজাৰ প্ৰচলন কৰে।

শিৱসিংহৰ ৰাজত্ব কালৰ পৰাই অসমৰ বিভিন্ন ঐতিহাসিক মন্দিৰত দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে। কিন্তু উনৈশ শতিকাৰ শেষ ভাগৰ পৰা অসমত দুৰ্গা পূজা পালন কৰাৰ প্ৰবৃত্তি ব্যাপক ভাৱে সলনি হ’বলৈ ল’লে । বঙালী সংস্কৃতিৰ প্ৰভাৱত অসমৰ দুৰ্গা পূজাতো বঙলুৱা সংস্কৃতিৰ উপাদান সমূহে ঠাই ল’লে আৰু ৰজাদিনীয়া পূজাৰ গাঁঠনিৰ সৈতে ৰাজহুৱা পূজাৰ গাঁঠনিৰ সলনি হৈ পৰিল।

যি নহওক, এই শাৰদীয় দুৰ্গা পূজাত দেৱীৰ শ্ৰী চৰণত প্ৰণাম জনাই মনে প্ৰাণে কামনা কৰো সংসাৰৰ পৰা অশুভ শক্তিৰ বিনাশ হওক আৰু সম্প্ৰীতিৰ এনাজৰীৰে সকলোৱে বান্ধ খাওক।

দুৰ্গা শিৱা মহালক্ষ্মী মহাগৌৰী চ চণ্ডিকা
সৰ্বজ্ঞা সৰ্বলোকেশী সৰ্বকৰ্মফলপ্ৰদা
ওঁ হ্ৰীং দূৰ্গায়ে নমঃ