লেখক কেফায়েৎ উল্লাহ চাহাবৰ মৃত্যু

লেখক কেফায়েৎ উল্লাহ চাহাবৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- এসময়ত সাপ্তাহিক মুজাহিদ কাকতৰ পৃষ্ঠপোষক হিচাপে দায়িত্ব পালন কৰা বিশিষ্ট ইছলামী চিন্তাবিদ, সাহিত্যিক কেফায়েৎ উল্লাহ চাহাবৰ কালি সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে।গুৱাহাটীৰ নিকটৱৰ্তী সোনাপুৰ কপালকাটা গাঁৱত থকা নিজ বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।  বিয়লি আছৰ নামাজ বাদ (৩:৩০)বজাত কপালকাটা জামে মছজিদ চৌহদত তেওঁৰ জানাজা সম্পন্ন কৰা হয়৷তেওঁ সোনাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ আসন অলংকৃত কৰি অৱসৰ গ্ৰহণ কৰিছিল।অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল।জামাত ই ইছলামী হিন্দ সংগঠনৰ উত্তৰ পূব মণ্ডলৰ সভাপতি হিচাপেও দায়িত্বত আছিল। তেওঁ এগৰাকী ইছলামী পণ্ডিত আছিল।অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সভাপতি থকা সময়ত তেওঁৰ প্ৰচেষ্টাতে ইছলামৰ বিভিন্ন বিষয়ত কেইবাখনো কিতাপ প্ৰকাশ পায় । তেওঁ নিজেও লেখা মেলা কৰিছিল। সাপ্তাহিক মুজাহিদ কাকততো তেওঁ নিয়মিতভাৱে লিখা আগবঢ়াইছিল৷অসমীয়া ইছলামী সাহিত্য জগত চহকী কৰাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৱদান আছে৷শৈক্ষিক আন্দোলন গঢ়াতো তেওঁৰ অৱদান আছে। অসমৰ বিভিন্ন ঠাইত শিক্ষানুষ্ঠান গঢ়ি তুলি শৈক্ষিক বিপ্লৱ সৃষ্টি কৰাৰ আৰতো তেওঁৰ ভুমিকা আছে।বৰপেটা জিলাৰ হাউলীস্থিত হোমা শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো প্ৰয়াত কেফায়েৎ উল্লাহ চাহাবৰ যথেষ্ট অৱদান আছে।তেওঁৰ এই মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। সাপ্তাহিক মুজাহিদ কাকত গোষ্ঠীৰ তৰপৰ পৰা তেওঁৰ পৰলোক জীৱনৰ শান্তি আৰু সফলতা কামনা কৰিছে। মুজাহিদ কাকত আৰু অসমীয়া ইছলামী সাহিত্য জগতত তেওঁ যি অৱদান আগবঢ়াই গৈছে সেইয়া সদায় স্মৰণীয় হৈ থাকিব।