ক্ৰছকাৰেন্ট সংবাদগোষ্ঠীৰ বাতৰিত প্ৰকাশ পোৱা অসম চুক্তি ৬ নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দেশৰ কেন্দ্ৰীয় চৰকাৰ দায়সৰা মন্তব্যৰ বিৰোধিতাৰে অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ

Pc Wikipedia

ক্ৰছকাৰেন্ট সংবাদগোষ্ঠীৰ বাতৰিত প্ৰকাশ পোৱা অসম চুক্তি ৬ নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দেশৰ কেন্দ্ৰীয় চৰকাৰ দায়সৰা মন্তব্যৰ বিৰোধিতাৰে অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  ক্ৰছকাৰেন্ট নামৰ সংবাদগোষ্ঠীৰ এক বাতৰি মতে “ তেওঁলোকে আৰটিআইৰ জৰিয়তে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় দায়বদ্ধ নহয় আৰু তাৰ ঠাইত সেয়া ৰাজ্য চৰকাৰৰহে বিষয়” বোলা যি প্ৰতিবেদন প্ৰকাশ পাইছে তাকে লৈ কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি থকা মাহী আইৰ দৃষ্টি পুনৰ এবাৰ প্ৰমাণিত হ’ল ৷উল্লেখ্য যে ‘‘অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ’’ – এই বক্তব্যৰে অসমীয়া জাতিৰ বহু আকাংক্ষিত ‘সাংবিধানিক ৰক্ষাকৱচ’ক লৈ চৰম প্ৰতাৰণা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি আই আবেদনত উন্মোচিত হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভয়ংকৰ অসম বিৰোধী ষড়যন্ত্ৰ৷ অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণেৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ নতুন সূত্ৰ আওঁৰাইছে, সেই সময়তে গৃহ বিভাগে স্পষ্ট কৰি দিছে যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ৷গৃহ বিভাগৰ এই স্থিতিৰ পৰাই ওলাই পৰে যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় সমিতি গঠন কৰাটো আছিল আন এক প্ৰতাৰণা৷ ‘দ্য ক্ৰছকাৰেণ্ট’ সংবাদগোষ্ঠীয়ে বিগত ১৬ জুনত গৃহ বিভাগত দাখিল কৰা এক আবেদনত প্ৰশ্ন কৰা হৈছিল যে গৃহ বিভাগে অসম চুক্তি ৰূপায়ণৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন লাভ কৰিলেনে৷অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা যোগাযোগৰ প্ৰতিলিপিও একেখন আবেদনতে বিচৰা হৈছিল ৷ বিগত ১৪ জুলাইত এই আবেদনৰ উত্তৰত গৃহ মন্ত্ৰালয়ে স্পষ্টকৈ উল্লেখ কৰে এইদৰে – ‘কমিটীয়ে তেওঁলোকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ ওচৰত জমা দিছে৷ এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ৷’ অৰ্থাৎ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলি কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোৰ পৰাই গা এৰা দিব বিচাৰিছে৷কিন্তু, একোখন ৰাজ্যৰ সাংবিধানিক সুৰক্ষা প্ৰদানৰ সম্পূৰ্ণ এক্টিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাততহে থাকে বুলি সৰ্বজনবিদিত ৷ একোখন ৰাজ্য চৰকাৰৰ ক্ষমতা দেশৰ সাংবিধানিক স্তৰত তেনেই সীমিত আৰু এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আওতাহে সমগ্ৰ একোটা প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে । তেনেস্থলত দেশৰ কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ বিভাগ / দপ্তৰ গৃহমন্ত্ৰালয়ৰ এনে দায়সৰা মন্তব্য অত্যন্ত আশ্চৰ্যজনক তথা গৰ্হিত ৷ বাৰে বাৰে অসমক মাহীআইৰ দৃষ্টি নিক্ষেপ কৰাৰ এই চৰিত্ৰক তথা কেন্দ্ৰীয় চৰকাৰৰ এনে স্থিতিৰ বিৰোধিতাৰে অসম জাতীয় পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই স্থিতি উঠাই লৈ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তৎকালেই যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী তোলে৷