কাছাৰৰ কালাইত ইটা ভাটাত চিমনী খহি ৫ জন শ্ৰমিক নিহত

কাছাৰৰ কালাইত ইটা ভাটাত চিমনী খহি ৫ জন শ্ৰমিক নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  কাছাৰৰ কালাইত ইটা ভাটাত চিমনী খহি ৫ জন শ্ৰমিক নিহত হয়। বিস্ফোৰণত আহত হোৱা আবু চুফিয়ান নামৰ শ্ৰমিকজনৰ এছএমচিএইচত চিকিৎসাধীন অবস্থাত মৃত্যু হয়, লগতে আশ্ৰাফুল ইছলাম নামৰ কিশোৰজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ইয়াৰ লগতে সুনীল পাছোৱান আৰু মেদনি পাছোৱানক চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু হয়। মৃত্যু হোৱা আন দুগৰাকী হ’ল চুনীলাল পাছোৱান আৰু মেদিনী পাছোৱান। এওঁলোক দুয়ো পিতা- পুত্ৰ। শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কালাইন আজমৰা গাঁও নিবাসী আলতাফ হোছেইনৰ মালিকানাধীন ইটাভাতাৰ শ্ৰমিকসকলে কামত নিয়োজিত হৈ থকাৰ সময়তে হঠাতে ইটাভাতাৰ চিমনি ভাগি যায়। ৫ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ উপৰিও ১০জন শ্রমিক গুৰুতৰভাৱে আহত হয়। এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজে আহত আৰু মৃতকক উদ্ধাৰ কৰি ততাতৈয়াকৈ কালাইন চিকিৎসালয়ত ভৰ্তি কৰায় কালাইন চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত ডাঃ সৌমেন ভৌমিকে জানিবলৈ দিয়া মতে, চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসকে প্রাথমিক চিকিৎসাৰ অন্তত দুজন লোকক মৃত ঘোষণা কৰি আন ১০জন শ্রমিকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তদুপৰি ডাঃ ভৌমিকে কয় যে গুৰুতৰভাৱে আহত ১০জন শ্রমিকৰ ভিতৰত ৪/৫ শ্ৰমিকৰ অৱস্থা অতি সংকটজনক। শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ অনা দুজন শ্ৰমিকৰ মৃত্যু হয়। | ইফালে কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰে এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয়। তদুপৰি বিধায়ক মজুমদাৰে চিকিৎসাধীন হৈ থকা আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্রহণকে ধৰি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইফালে এই মর্মান্তিক দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে কালাইন অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে শোকৰ ছাঁ পৰিছে।