ৰৈ যোৱা ভাতৰ কাতলেট (ৰেচিপি) – মানসী বৰঠাকুৰ

pc Authentic Royal

ৰৈ যোৱা ভাতৰ কাতলেট (ৰেচিপি)

মানসী বৰঠাকুৰ,
যোৰহাট

সামগ্ৰী :
১:আগদিনা ৰাতি বেছিকৈ থকা ভাত নাইবা দিনৰ থাকি যোৱা ভাত নাইবা লগালগ বনাই ও লব পাৰে যদি নাথাকে
২:দুটা পিয়াজ (ভাতৰ পৰিমাণ অনুযায়ী লব)
৩:অলপমান নহৰু আৰু আদা বটা
৪:কেঁচা জলকীয়া (নিজৰ ইচ্ছা অনুযায়ী)
৫: এছামুচ (নিমখ ,হালধি,গৰম মচলা,ৰঙা জলকীয়া গুৰি,জীৰা গুৰি,ধনীয়া গুৰি)সকলো মচলা আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব

প্ৰথমে ভাত খিনি অলপ মিকশ্ৰিৰ সহায়ত পিচি লব আৰু তাত ওপৰত উল্লেখ কৰা সকলো মচলা দি দিব আৰু একেলগে বান্ধিব কাৰণে অলপ বেচন নাইবা ময়ডা নাইবা কৰ্ণ ফ্লৌৰ নাইবা চাউলৰ গুৰি দি ভালকৈ আটা মথা নিচিনাকৈ এটা লাডু বনাই লব।

তাৰ পাছত হাতত অলপ তেল সানি লৈ কাতলেতৰ আকাৰত কৰি ১০মিনিট সময় ঠাণ্ডা ঠাই বা ফ্ৰিজত থৈ দিব। তাৰ পাছত কেৰাহীত ৰিফাইন বা যিকোনো কুকিং তেল (নিজৰ আন্দাজ অনুযায়ী) দি প্ৰথমে জুই তাপ টো বহাই তেলখিনি ভালকৈ গৰম কৰি পুনৰ কম জুইত এটি সুন্দৰ ৰং আহালৈকে ভাজিব আৰু যিকোনো জ্বলা চাটনি বা বিলাহী তক নাইবা গৰম চাহৰ লগত গৰমে গৰমে পৰিবেশন কৰিব।