ৰেচনৰ দোকানীলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

pc The Sentinel Assam

ৰেচনৰ দোকানীলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ৰঙিলী বাৰ্ত্তাসেৱা – দুখীয়া ৰাইজৰ ৰেচনৰ চাউল কাঢ়িবলৈ আৰম্ভ কৰিছে একাংশ সুলভ মুল্যৰ দোকানিয়ে। সুলভ মূল্যৰ দোকানীৰ এনে অতপালিক লৈ ক্ষুব্ধ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোসাঁইগাঁৱত নির্বাচনী সভাত যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক কাষত বহুৱাই স্পষ্ট সকীয়নি দি দুখীয়াৰ চাউল কাঢ়ি খোৱা ৰেচন দোকানীক একেদিনাই মই জে’লত ভৰাম বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দীৰ্ঘসময়ৰ পৰা এই অভিযোগ পাই আহিছোঁ যে ৰেচনৰ দোকানীয়ে পৰিয়ালসমূহক সম্পূর্ণ চাউল নিদিয়ে। চাউল চুৰি আৰু ডকাইতি একেই। যিসকল দোকানীয়ে এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালক সঠিক পৰিমাণৰ চাউল নিদিয়ে, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে এই সকীয়নি দিয়ে। অহা সপ্তাহত প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ৰেচনৰ দোকানীসকলক মতাই আনি এই সন্দৰ্ভত আলোচনা কৰিবলৈ স্পষ্ট নির্দেশ দিয়ে। উল্লেখ্য যে বিভিন্ন অজুহাতত ৰাজ্যৰ একাংশ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া পৰিয়ালে লাভ কৰিব লগা চাউলৰ কিছু অংশ প্রতিমাহতে কাটি ৰাখে। পৰিবহণ ব্যয়ৰ অজুহাত দেখুৱাই এনেদৰে প্ৰতিটো পৰিয়ালৰ পৰা নির্দিষ্ট পৰিমাণৰ চাউল কাঢ়ি মুনাফা আদায় কৰি থকা ৰেচন দোকানীৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ষোভৰ উদ্‌গীৰণ ঘটিছে। বিষয়টো সন্দৰ্ভত যোগান বিভাগৰ ওচৰতো অভিযোগ দাখিল হৈছে যদিও সুলভ মূল্যৰ দোকানীয়ে বিভিন্ন সুৰুঙা তথা অজুহাতেৰে বিষয়টো ঢাকি ৰাখি আহিছে।