ৰাফেল নাদালৰ মেলবৰ্ণ গ্ৰীষ্মকালীন ছেটৰ ফাইনেলত প্ৰৱেশ

ৰাফেল নাদালৰ মেলবৰ্ণ গ্ৰীষ্মকালীন ছেটৰ ফাইনেলত প্ৰৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বৰ ছয় নম্বৰ ৰাফেল নাদালে ফিনলেণ্ডৰ এমিল ৰুচুভুৰীক পৰাস্ত কৰি মেলবৰ্ণ গ্ৰীষ্মকালীন ছেটৰ ফাইনেলত প্ৰৱেশ কৰে। এক ঘণ্টা ৫৬ মিনিটত স্প্যানিয়ৰ্ডে ছেমি ফাইনেলত ৬-৪, ৭-৫ জয়লাভ কৰে। নাদালে এতিয়া আমেৰিকান কোৱালিফায়াৰ মেক্সিম ক্ৰেছীৰ মুখামুখি হ’ব, যি তেওঁৰ প্ৰথম এটিপি ট্যুৰৰ ফাইনেলত অৱতীৰ্ণ হ’ব। ২০২১ চনৰ মে মাহত ইটালিয়ান অপেন জিকাৰ পিছত এইটো নাদালৰ প্ৰথম এটিপি ফাইনেল।