ৰাজ্য চৰকাৰৰ উদ্যোগত হোমেন বৰগোহাঞিৰ ৯০সংখ্যক জন্মদিনটোত ২৩গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেন্সন প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা, জাতিৰ অভিভাৱক হোমেন বৰগোহাঞিৰ ৯০সংখ্যক জন্মদিনটোতে ৰাজ্য চৰকাৰৰ উদ্যোগত ২৩গৰাকী সাহিত্যিকলৈ প্ৰদান কৰা হ’ল সাহিত্যিক পেন্সন। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত চলিত বৰ্ষৰ বাবে সাহিত্যিক পেন্সনপ্ৰাপক ২৩গৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বর্ধনাও জনোৱা হয়।। এই অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়- সাহিত্যই আমাক অতীতলৈ লৈ যাব পাৰে, ভৱিষ্যতৰ বাট দেখুৱাব পাৰে আৰু কিতাপৰ পৃষ্ঠাৰ মাজতেই আমি ভ্ৰমি ফুৰিব পাৰোঁ সমগ্ৰ পৃথিৱীত। হোমেন বৰগোহাঞিৰ সৃষ্টিয়ে আমাক পথৰ সন্ধান দিয়ে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে হোমেন বৰগোহাঞিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে-সাহিত্যিক পেন্সন, ক্রীড়া পেন্সন, শিল্পী পেন্সন আদি পূৰ্বে স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত ঘোষণা কৰাৰ যি পৰম্পৰা আছিল, সেয়া চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে সলনি কৰি নিৰ্দিষ্ট দিনতহে এই বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। বিশেষকৈ সাহিত্যিক পেন্সন স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিনটোত প্ৰদানৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছিল। সেই অনুসৰি আজি এই পেন্সন প্ৰদান কৰা হয়।সাহিত্যিক পেন্সন লাভ কৰাসকলৰ ভিতৰত আছে—জ্যোতিলাল চৌধুৰী, ড° অনিল শইকীয়া, ড° লক্ষহীৰা দাস, কালিনাথ পাংগিং, দিলীপ কুমাৰ শৰ্মা, মাখনলাল বাঢ়ৈ, মাণিকলাল মাহাতো, বিনোদ ভাগৱতী, উৎপল দত্ত, নবীন কুমাৰ বৰুৱা, ৰাজেন্দ্ৰ নাথ শৰ্মা, দীপাংক ৰঞ্জন কৰ, তুষাৰকান্তি সাহা, তপন দাস, নীলমোহন ৰয়, বিশ্বেশ্বৰ বসুমতাৰী, অৰবিন্দ উজীৰ, মণ্ডলছিং বে’, বাণেশ্বৰ বসুমতাৰী, ড° মংগলসিং হাজোৱাৰী, ৰঞ্জু হাজৰিকা (কুমুদ ৰঞ্জন হাজৰিকা), নবীনমল্ল বড়ো আৰু লক্ষীকান্ত দাস।এই অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগও উপস্থিত থাকে। সাহিত্যিক পেন্সন প্রদান অনুষ্ঠানত উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিভাষ চৌধুৰীয়ে হোমেন বৰগোহাঞিৰ জীৱন আৰু কৃতিৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানত বৰগোহাঞিৰ পুত্ৰ অধ্যাপক প্রদীপ্ত বৰগোহাঞিও উপস্থিত থাকে।