ৰাজ্যৰ ৮০ গৰাকী হিতাধিকাৰলৈ মুখ্যমন্ত্ৰীৰ বিধৱা সাহায্য আঁচনিৰ অধীনত চেক প্ৰদান

pc-The Sentinel Assam

ৰাজ্যৰ ৮০ গৰাকী হিতাধিকাৰলৈ মুখ্যমন্ত্ৰীৰ বিধৱা সাহায্য আঁচনিৰ অধীনত চেক প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা– ‘মুখ্যমন্ত্ৰী ৰ কোভড-১৯ বিধৱা সাহায্য আঁচনি’ৰ জৰিয়তে কামৰূপ জিলাৰ ৮০ গৰাকী হিতাধিকাৰক চেক প্ৰদান। অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য, পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিগৰাকী হিতাধিকাৰীলৈ আঢ়ৈ লাখ টকাকৈ আগবঢ়োৱা চেক সমূহ প্ৰদান কৰে। সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আপোনজনক হেৰুওৱাৰ বেদনা কোনো আৰ্থিক মূল্যৰে পূৰণ কৰিব নোৱাৰি যদিও এই আঁচনিখন হʼল দুৰ্যোগপূৰ্ণ মুহূৰ্তত দুৰ্গত পৰিয়ালসকলৰ ওচৰত থিয় দি তেওঁলোকৰ দুখৰ সলভাগী হʼবলৈ লোৱা মুখ্যমন্ত্ৰীগৰাকীৰ এক মানৱীয় প্ৰয়াস। জীৱনৰ এই দুৰ্যোগপূৰ্ণ মুবূৰ্তত তেওঁ প্ৰতিগৰাকী মহিলাকে ধৈৰ্যৰে প্ৰতিকূল পৰিৱেশৰ এই প্ৰত্যাহ্বান নেওচি নিজৰ নিজৰ পৰিযালটিৰ পৰিচালনাৰ দায়িত্ব বহন কৰিবলৈ আহ্বান দিয়ে।

 

(RT)