সফলতাৰ অন্য এক নাম লভলীনা — স্বাগতা বৰুৱা গোস্বামী

সফলতাৰ অন্য এক নাম লভলীনা

বহুত সময় বাৰ্বিৰ মাতবোল নুশুনি মাকে বাৰ্বিয়ে কি কৰি আছে চাবলৈ গৈ দেখে তেওঁৰ তিনি বছৰীয়া বাৰ্বিয়ে আলমাৰিটোৰ হেণ্ডেল ডালত এটা বিছলেৰী পানী বটল ওলোমাই লৈ তাত খুউব ইয়া হা হু হা বুলি ঘোচা মাৰি আছে। মাকে মনে মনে গৈ তাইক লক্ষ্য কৰি থকাৰ কথা গ’ম পাই তাই লাজতে গোটেইজনী মৰহা ফুল পাহৰ দৰে হৈছে।মাকে বোলে মাজনী তুমি কি কৰি আছিলা।প্ৰথমে তাই নকয়,মাকে বহুবাৰ সোধা দেখি মনে মনে কাণতে কথাটো ক’লে।তাইৰ কথাটো শুনি মাক আচৰিত হৈ গ’ল। তাইৰ হেনো লভলীনা হ’বলৈ মন।এইকেইদিন চাগৈ তোমালোকৰো লভলীনা বাৰ দৰে হ’বলৈ মন গৈ আছে নহয়নে?আজি মই তোমালোকক তোমালোকৰ মৰমৰ বাৰ বিষয়ে অলপমান ক’ম শুনিবাহঁক দেই।গোলাঘাট জিলাৰ বৰপথাৰৰ জকাইচুকৰ বাৰপূজীয়া গাঁৱৰ লভলীনা বাৰ সম্পূৰ্ণ নামটো লভলীনা বৰগোঁহাই।দেউতাকৰ নাম টিকেন বৰগোঁহাই আৰু মাকৰ নাম মামনি বৰগোঁহাই। এবাৰ লভলীনাৰ দেউতাকে বজাৰৰ পৰা এখন পুৰণি বাতৰি কাকতত মিঠাই বান্ধি আনিছিল।সৌভাগ্য ক্ৰমে সেই বাতৰি কাকত খনত কিংবদন্তী বক্সাৰ মহম্মদ আলিৰ বিষয়ে লিখি থোৱা আছিল।দেউতাকৰ চকু গ’ল সেই লিখাটোৰ ওপৰত,লগে লগে দেউতাকে লভলীনাক লিখাখিনি পঢ়িবলৈ ক’লে। মহম্মদ আলিৰ জীৱনৰ বিষয়ে পঢ়ি লভলীনা তেখেতৰ প্ৰতি আকৃষ্ট হৈছিল আৰু তেখেতৰ কথাখিনিৰ ভিতৰত সোমাই পৰিছিল আৰু সেইসময়ৰ পৰাই নিজকে ভবিষ্যতৰ এগৰাকী বস্কাৰ হোৱাৰ সপোন পুহি ৰাখিছিল।লভলীনাৰো জীৱনৰ বাট পথ বহু ঘাট-প্ৰতিঘাটৰ সমষ্টি।কিন্তু লভলীনাৰ মনোবল আছিল অত্যন্ত শক্তিশালী। বহু সময়ত বহুতৰ বহু কথাও শুনিবলগীয়াও হৈছিল কিন্তু সেইবোৰ কথালৈ কাণ নিদি লক্ষ্য স্হিৰ কৰি পঢ়াৰ মাজে মাজে নিজৰ সপোনক বাস্তৱ ৰূপ দিবলৈ কৰি গৈছিল অহৰহ প্ৰচেষ্টা তথা পৰিশ্ৰম।সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰা যাত্ৰাত বৰ্তমানলৈকে লভলীনা থমকি ৰ’ব লগীয়া হোৱা নাই।বিশ্ব বক্সিং চেম্পিয়নশ্বিপ,মহিলা বক্সিং চেম্পিয়নশ্বিপ,ইণ্ডিয়া অ’পেন বক্সিং চেম্পিয়নশ্বিপ আদি সকলোতে লভলীনাৰ সুন্দৰ প্ৰদৰ্শনেৰে পদক বুটলিবলৈ সক্ষম হৈছিল।ইয়াৰ উপৰিও ডুবাইত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপতো পদক বুটলিবলৈ সক্ষম হৈছিল লভলীনা।নিজৰ একান্ত পৰিশ্ৰম আৰু সাধনাৰ বলত শেহতীয়াকৈ লাভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিয়া ‘অলিম্পিকত’ পদক আৰু লগে লগে অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ নাম সোনালী আখৰে ৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হ’ল।নিমিষতে সকলোতে বিয়পি পৰিল খবৰটো।অসমৰ আকাশে বতাহে সকলোতেই কেৱল লভলীনাময় পৰিবেশ। এজন সফল ব্যক্তিৰ সফলতাই কেনেকৈ যে সেই তিনিবছৰীয়া ছোৱালী বাৰ্বিৰ পৰা ককাজনলৈকে সকলোৰে মন মগজুত ঠাই কৰি লয় নহয়নে বাৰু?গতিকে আমাৰ মৰমৰ মৌ মেলৰ মইনাহঁত তোমালোকেও এতিয়াৰ পৰাই তোমালোকৰ লক্ষ্য স্হিৰ কৰা আৰু সেই লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰা তেতিয়াহে তাৰ ফল লাভ কৰিব পাৰিবা।

স্বাগতা বৰুৱা গোস্বামী
৮৭২১৮৮০৮২৪