ৰাজ্যিক কেবিনেটৰ বৈঠক – মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষতাত অনুষ্ঠিত হ’ল ৰাজ্যিক কেবিনেটৰ বৈঠক।

অনলাইন বাৰ্ত্তাসেবা-  বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে এই কেবিনেট বৈঠকত।এতিয়াৰে টেট উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেবিনেট বৈঠকে।টেট উত্তীৰ্ণৰ প্রমাণপত্র বৈধতা ৭ বছৰৰ পৰিবৰ্তে জীৱনজোৰা কৰা হৈছে।অৱশ্যে টেট উত্তীৰ্ণৰ প্রমাণপত্রৰ বৈধতা জীৱনজোৰা থাকিলেও চাকৰিৰ ঊৰ্ধ্ব সীমা প্রযোজ্য হ’ব।

বিদ্যুৎ বিল প্ৰদান কৰাৰ NOC নিদিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হ’ব।জুলাই মাহলৈকে ৰাজ্যৰ কৰ্মচাৰীয়ে বিদ্যুৎ বিল পৰিশোধ কৰি NOC দিব লাগিব। অৱশ্যে আগষ্ট মাহৰ পৰা দৰমহা প্ৰাপ্তিৰ বাবে কৰ্মচাৰীৰ NOC প্রয়োজন হ’ব।

আনহাতে, সকলো চৰকাৰী কাৰ্যসূচী আৰম্ভ হ’ব জাতীয় সংগীতেৰে  আৰু আনহাতে ৰাষ্ট্রীয় সংগীতেৰে সমাপ্ত কৰা হ’ব সকলো চৰকাৰী কাৰ্যসূচী। চৰকাৰৰ সকলো সভা-সমিতিত ব্যৱহাৰ কৰা হ’ব হাতে বোৱা গামোচা। সকলো চৰকাৰী অনুষ্ঠানতে থলুৱা খাদ্যৰে আপ্যায়ন কৰা হ’ব। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিনটোক ‘দেশভক্ত’ দিৱস হিচাপে পালন কৰা হ’ব আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনটোক ‘কৰ্মচাৰী দিন’ হিচাপে পালন কৰা হ’ব। ‘কৰ্মচাৰী দিন’ত প্রতিখন জিলাৰ ৫জন কৰ্মচাৰীক সন্মানিত কৰা হ’ব। আনহাতে ৰাজ্যিক ভিত্তিত ১০ গৰাকী কৰ্মচাৰীক সন্মানিত কৰা হ’ব। সম্পূৰ্ণ লকডাউন হোৱা জিলাত ৩দিন অভিভাৱক মন্ত্রী থাকিব। by – utpal kalita